যোৰহাট, 22 আগষ্ট :ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ এক পৰিচিত নাম হৈছে হেঙুল থিয়েটাৰ ৷ 2024-25 বৰ্ষত 37 সংখ্যক নাট্যবৰ্ষত ভৰি দিছে হেঙুল থিয়েটাৰে ৷ তিনিখন নাটকৰ সৈতে দৰ্শকৰ মাজলৈ আহিছে হেঙুল থিয়েটাৰ ৷ কমল লোচন, স্নিগ্ধা গগৈ, নিৰূপম শইকীয়া, মহেশ বৰা, শিল্পীশিখা বৰা, অশ্ৰুমণি বৰা, হেলেন, হিমাংশু গগৈয়ে এই বৰ্ষৰ বাবে হেঙুলৰ মঞ্চ শুৱনি কৰিব ৷
বুধবাৰে অসমৰ এই আগশাৰীৰ নাট্যদল হেঙুল থিয়েটাৰে 37 সংখ্যক 2024-25 নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ শুভাৰম্ভণি কৰে ৷ মৰিয়নীৰ পৰা তেওঁলোকে এই নাট্যযাত্ৰাৰ পাতনি মেলে । মৰিয়নী বাপুজী ষ্টেডিয়াম খেলপথাৰৰ পৰা নাট্যদলটোৱে নাট্য যাত্ৰা আৰম্ভ কৰে ।
প্ৰশান্ত হাজৰিকা আৰু ইলা হাজৰিকা স্মৃতি বিজড়িত অসমৰ ভ্ৰাম্যমাণ জগতৰ আগশাৰীৰ নাট্যদল হেঙুলৰ মঞ্চত এইবাৰ মঞ্চস্থ হ’বলগীয়া নাটসমূহ হ’ল অভিজিৎ ভট্টাচাৰ্যৰ "বিড়ি", প্ৰণৱ বৰুৱাৰ "চিলনী" আৰু নাট্যকাৰ প্ৰণৱ ভৰালীৰ "মছজিদ ৰোড নামঘৰ পথ" । সম্পূৰ্ণ ব্যতিক্ৰমী ধাৰণাৰে থিয়েটাৰ কৰ্তৃপক্ষই এই তিনিখন নাটক দৰ্শকৰ মাজলৈ লৈ আহিছে ৷