চিটাৰা ডেস্ক, 24 জুলাই : ছ’চিয়েল মিডিয়া এনেকুৱা এটা প্লেটফৰ্ম য’ত মানুহ নিশাৰ ভিতৰতে হিৰোও বনে আৰু জিৰোও বনে ৷ কোনোৱে নিশ্চয়কৈ ক’ব নোৱাৰে যে এবাৰ ইয়াত জিলিকি উঠাজন সদায়ে জিলিকি থাকিব ৷ কিন্তু তাৰ মাজতে কিছুমান ব্যক্তিত্বই চিৰিদিনৰ বাবে নেটিজেনৰ হৃদয় জিনি থৈ দিয়ে ৷ এনে বহু ব্যক্তিত্বৰ ভিতৰত আমি নাম ল’ব পাৰো বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ ৷ ব্যক্তিগতভাৱেতো তেওঁলোক প্ৰিয় হয়েই, কিন্তু যুটি হিচাপে যেন তাতকৈয়ো প্ৰিয় ৷ পাৱাৰ কাপল বুলি জনাজাত বিৰাট-অনুষ্কাক নেটিজেনেই দিছিল এটা বিশেষ নাম, Virushka ৷
শেহতীয়াকৈ এটা বাতৰি প্ৰচাৰ হৈ আছে যে বিৰাট-অনুষ্কাই একেবাৰে ভাৰত এৰি যোৱাৰ সিদ্ধান্ত লৈছে ৷ নেটিজেনৰ মাজত অনেক জল্পনা-কল্পনা চলিছে এই বিষয়ত ৷ বহু সময় ধৰি তেওঁলোক লাইমলাইটৰ পৰা আঁতৰি লণ্ডনত আছেগৈ ৷ সেয়ে এই বাতৰিত অধিক ইন্ধন যোগাইছে তেওঁলোকৰ লণ্ডন ভ্ৰমণে ৷ ইতিমধ্যেই বহুতে দুখ প্ৰকাশ কৰিছে এই কথাত ৷
লাইমলাইটৰ পৰা স্থায়ীভাৱে আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে নেকি তেওঁলোকে ? সম্ভাৱ্য জল্পনা-কল্পনাৰ মাজতে পুনৰ ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে । ইণ্টাৰনেটত লণ্ডনৰ পৰা পাৱাৰ কাপলৰ ফটো ভাইৰেল হৈ পৰিছে য’ত তেওঁলোকে মানসম্পন্ন পাৰিবাৰিক সময় পাৰ কৰিছে বুলি স্পষ্টকৈ দেখা গৈছে ৷ খবৰ অনুসৰি দুই সন্তান 3 বছৰীয়া ভামিকা আৰু এই বছৰৰ আৰম্ভণিতে জন্ম লাভ কৰা অকায়ৰ সৈতে তেওঁলোক লণ্ডনত আছে ।
অনুমান হয় অনুষ্কা আৰু বিৰাটে বলীউড আৰু ক্ৰিকেটৰ কোলাহলৰ দুনীয়াখনৰ পৰা আঁতৰি এক নিস্তব্ধ জীৱন বাছি লৈছে । সামাজিক মঞ্চত ইজনে সিজনৰ প্ৰতি ৰাজহুৱাকৈ মৰম প্ৰদৰ্শন কৰা আৰু অটল সমৰ্থনৰ বাবে জনাজাত দুই তাৰকাই বৰ্তমান লণ্ডনত পাৰিবাৰিক জীৱনৰ সোৱাদ লৈছে ।