চিটাৰা ডেস্ক, 30 মাৰ্চ :অনিল কাপুৰৰ ‘নায়ক’ ছবিখন মুক্তিৰ সময়ত দৰ্শকে যিমান ভাল পাইছিল আজিও সিমানেই ভাল পায় । অনিল কাপুৰক এদিনৰ বাবে মুখ্যমন্ত্ৰী হোৱা দেখি অনুৰাগীসকল অতিশয় আনন্দিত হৈছিল । ছবিখনৰ সংলাপৰ পৰা আৰম্ভ কৰি অনিল কাপুৰৰ অভিনয় আৰু ৰাজনৈতিক এংগেললৈকে ৰাইজে সকলো ভাল পাইছিল । এতিয়া অনুৰাগীসকলে ইয়াৰ ছিকুৱেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । একে সময়তে অনিল কাপুৰেও নিজৰ অনুৰাগীৰ মাজত আশাৰ সঞ্চাৰ কৰিছে । দৰাচলতে অলপতে অনিল কাপুৰে নায়কৰ পৰিচালক এছ শংকৰক লগ পাইছিল । যাৰ বাবে জল্পনা-কল্পনা চলি আছে যে অনিল কাপুৰ নায়ক ২ লৈ পুনৰ আহিব ।
অনিল কাপুৰ আৰু এছ শংকৰক অলপতে একেলগে দেখা পাই পাপাৰাজ্জীয়ে । যাৰ বাবেই জল্পনা-কল্পনা চলি আছে যে অনিল কাপুৰ আহিব ‘নায়ক ২’ লৈ । অনিল কাপুৰ, ৰাণী মুখাৰ্জী, অমৰীশ পুৰী অভিনীত নায়কৰ অনুৰাগীৰ মাজত আগৰ দৰেই উন্মাদনা এতিয়াও আছে । ইয়াৰ ছিকুৱেলৰ উৰাবাতৰি শুনি মানুহ আশাবাদী যে অনিল কাপুৰক পুনৰ মুখ্যমন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পাব তেওঁলোকে । কিন্তু এই কথা কিছু সময়ৰ পিচতহে গম পোৱা যাব যেতিয়া কোনো আনুষ্ঠানিক ঘোষণা অনিল কাপুৰ বা মেকাৰৰ পৰা আহিব ।