চিটাৰা ডেস্ক, 1 আগষ্ট :নিউয়ৰ্ক ভ্ৰমণৰ অন্তত কন্যা আৰাধ্যাৰ সৈতে মুম্বাইলৈ উভতি আহে ঐশ্বৰ্য ৰায় বচ্চন ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত দেখা গ’ল তেওঁলোকক । বিচ্ছেদৰ বাতৰিৰ মাজতো তেওঁক পাপাৰাজ্জী আৰু বিমানবন্দৰৰ কৰ্মচাৰীৰ সৈতে ইতিবাচকভাৱে সঁহাৰি জনোৱা দেখা যায়, যিয়ে অভিষেক বচ্চনৰ সৈতে তেওঁৰ বৈবাহিক জীৱনৰ বিষয়ে অনুৰাগীসকলক অধিক কৌতূহলী কৰি তুলিছে ৷
কন্যা আৰাধ্যা বচ্চনৰ সৈতে বৃহস্পতিবাৰে পুৱাৰ ভাগত মুম্বাই বিমানবন্দৰত উপস্থিত হয় অভিনেত্ৰীগৰাকী আৰু স্থানীয় এজন ফটোগ্ৰাফাৰে তেওঁলোকৰ আগমনৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ।
বিবাহ বিচ্ছেদৰ বাতৰিত ইন্ধন যোগাই পৃথক উপস্থিতিয়ে
অভিনেতা অভিষেক বচ্চনৰ সৈতে ঐশ্বৰ্যৰ বৈবাহিক জীৱনৰ বিষয়ে জল্পনা-কল্পনা বাঢ়ি আহিছে । শেহতীয়াকৈ আম্বানীৰ বিবাহ অনুষ্ঠানত ঐশ্বৰ্য আৰু আৰাধ্যা অভিষেকৰ পৰা পৃথকে উপস্থিত হৈছিল ৷ অমিতাভ বচ্চন, জয়া বচ্চন আৰু শ্বেতা বচ্চন নন্দা সকলো একেলগেই আছিল । এইদৰে পৃথকে উপস্থিত হোৱাই বিচ্ছেদৰ বাতৰিত ইন্ধন যোগাইছিল ।
ছ’চিয়েল মিডিয়াৰ খলকনি
অভিষেকে বিবাহ বিচ্ছেদৰ এটা পোষ্ট লাইক কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি হয় । অৱশ্যে পিচত জানিব পৰা গ’ল যে এই পোষ্টটোত ঐশ্বৰ্যৰ ঘনিষ্ঠ বন্ধু ড৹ জিৰক মাৰ্কাৰৰ উক্তি প্ৰকাশ পাইছিল ৷