চিটাৰা ডেস্ক, ১৮ ফেব্ৰুৱাৰী: আলিয়া ভাটৰ বহু প্ৰত্যাশিত ৱেৱ ছিৰিজ ‘পোচাৰ’ অতি সোনকালেই অ’টিটিত মুক্তি পাব । ইফালে অ’টিটিত মুক্তি দিয়াৰ পূৰ্বে লণ্ডনত প্ৰদৰ্শিত হয় এই ৱেৱ ছিৰিজখন, য’ত আলিয়া ভাট মাতৃ চনী ৰাজদান আৰু ভগ্নী শ্বাহীন ভাটৰ সৈতে উপস্থিত হয় ।
হাতী সৰবৰাহৰ আধাৰত নিৰ্মিত ধাৰাবাহিকখন পৰিচালনা কৰিছে এমি বঁটা বিজয়ী ৰিচি মেহতাই ৷ ধাৰাবাহিকখনৰ প্ৰযোজক আলিয়া ভাট ৷ আলিয়াই লণ্ডনত প্ৰযোজক হিচাপে এই ধাৰাবাহিকখনৰ প্ৰদৰ্শনীত অংশ লৈছিল । প্ৰদৰ্শনীত অংশ লৈ বিদেশত নিজৰ ভাৰতীয় সংস্কৃতিৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল অভিনেত্ৰীগৰাকীয়ে ।
আচলতে আলিয়া ভাটে শাৰী পৰিধান কৰি ‘পোচাৰ’ৰ প্ৰদৰ্শনীলৈ গৈছিল । ক’লা ভেলবেটৰ শাৰী পৰিধান কৰিছিল আলিয়াই, য’ত অভিনেত্ৰীগৰাকীক অতি সুন্দৰ দেখা গৈছিল । ডিঙিত বহুস্তৰীয় মুকুতাৰ হাৰ আৰু কাণফুলিৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল আলিয়াই ৷ চুলিকোচা বান বান্ধিছিল, সামান্য মেকআপ আৰু ৰঙা লিপষ্টিকে আলিয়াৰ লুকটো আৰু আকৰ্ষণীয় কৰি তুলিছিল ।
আলিয়া ভাটে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ‘পোচাৰ’ ছিৰিজ প্ৰদৰ্শনিৰ বহুকেইখন ফটো শ্বেয়াৰ কৰিছে । এখন ফটোত হাঁহি হাঁহি চোফাত পোজ দি খিৰিকীৰ ফালে চাই থকা পৰিলক্ষিত হৈছে ৷ ইয়াৰে কিছুমান ছবি আছিল ‘পোচাৰ’ৰ প্ৰদৰ্শনৰ । এখন ছবিত ভগ্নী শ্বাহীন ভাটৰ সৈতেও পোজ দিয়া দেখা যায় । এই ফটোসমূহ শ্বেয়াৰ কৰি আলিয়াই লিখিছে, "মই এটা বিশেষ দিনৰ বাবে সাজু ।"