চিটাৰা ডেস্ক, ২৯ ফেব্ৰুৱাৰী: ২০১০ চনত মুক্তি পোৱা ‘পিপলি’ ছবিখন দৰ্শকে খুব ভাল পাইছিল আৰু সেই ছবিখন কিৰণ ৰাৱে নিৰ্মাণ কৰিছিল । বহু বছৰৰ পাচত পুনৰ কিৰণ ৰাৱে নিৰ্মাণ কৰিছে আন এখন ছবি ৷ ছবিখনৰ নাম ‘লাপাতা লেডিজ’ ৷ ব্যতিক্ৰমী কাহিনীক লৈ নিৰ্মাণ কৰা ছবিখন অহা ১ মাৰ্চত ছবিগৃহত মুক্তি পাব । জিঅ’ ষ্টুডিঅ’ আৰু আমিৰ খান প্ৰডাকশ্যনৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছে ছবিখন ।
লাপাতা লেডিজ ছবিখনৰ ট্ৰেইলাৰ আৰু টিজাৰে মানুহৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে ৷ এতিয়া এই ছবিখন চাবলৈ দৰ্শকৰ মাজত এক উত্তেজনাৰ সৃষ্টি হৈছে । যদি আপুনিও এই ছবিখনৰ বাবে অপেক্ষা কৰি আছে, তেন্তে কওঁ যে ইয়াৰ অগ্ৰিম বুকিং সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছে ।
লাপাতা লেডিজৰ অগ্ৰিম বুকিং আৰম্ভ হ’ল
আমিৰ খান আৰু কিৰণ ৰাওৰ অনুৰাগীয়ে ছবিখন চাবলৈ এডভান্স বুকিঙৰ বাবে অপেক্ষা কৰি আছিল । এতিয়া খবৰটো হ’ল ছবিখনৰ নিৰ্মাতাই ইয়াৰ অগ্ৰিম বুকিঙৰ বিষয়ে অৱগত কৰিছে । আমিৰ খান প্ৰডাকশ্যনৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে । ইয়াৰ কেপচনত লিখা আছে, ‘‘লাপাতা লেডিজ ছবিগৃহলৈ মুক্তিৰ পথত । সোনকালে বুকিং কৰক, আপোনাৰ ঘৰৰ ওচৰৰ ছবিগৃহৰ আসন, ১ মাৰ্চত আহিব ।’’
জিঅ’ ষ্টুডিঅ’ৰ দ্বাৰা উপস্থাপিত ‘লাপাতা লেডিজ’ ছবিখন পৰিচালনা কৰিছে কিৰণ ৰাৱে । আনহাতে আমিৰ খানে ছবিখনৰ প্ৰযোজনা কৰিছে । আমিৰ খান প্ৰডাকশ্যন আৰু কিণ্ডলিং প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ চিত্ৰনাট্য বিপ্লৱ গোস্বামীয়ে লিখিছে । ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছে স্নেহা দেশাই, বাকী সংলাপসমূহ লিখিছে দিব্যনিদী শৰ্মাই । এই ছবিখন ২০২৪ চনৰ ১ মাৰ্চত মুক্তি পাব ।
প্ৰাক্তন পত্নী কিৰণ ৰাও আৰু লাপাতা লেডিজ ছবিৰ পৰিচালকৰ সৈতে আমিৰ খানে ছবিখনৰ জোৰদাৰ প্ৰচাৰ চলাইছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে লাপাতা লেডিজ ছবিখনৰ অধিকাংশ অভিনেতা নৱাগত যদিও ৰবি কিষানৰ উৎকৃষ্ট কামো ছবিখনত দেখা যাব ।
লগতে পঢ়ক:মুক্তি পালে বড়ে মিঞা ছোটে মিঞাৰ গীত মস্ত মলংগ ঝুম