অসম

assam

ETV Bharat / entertainment

দ্বিতীয়বাৰৰ বাবে বিয়াত বহিল অদিতি-সিদ্ধাৰ্থ

অদিতি ৰাও হাইদাৰীয়ে ৰঙা লেহেংগাত দৃষ্টি নিৱদ্ধ কৰিছে নেটিজেনৰ, আনহাতে সিদ্ধাৰ্থে পৰিধান কৰিছে বেইজ ৰঙৰ শ্বেৰৱানী ।

Aditi Rao Hydari and Siddharth Share Breathtaking Unseen Photos from Rajasthan Wedding
অদিতি-সিদ্ধাৰ্থ (Photo: ANI)

By ETV Bharat Entertainment Team

Published : 4 hours ago

হায়দৰাবাদ : শীতকালৰ আগমনে বিয়াৰ বতৰো লগত লৈ আহে ৷ ৰূপালী পৰ্দাৰ বহু তাৰকা যুটিয়ে শেহতীয়াকৈ নিজৰ নিজৰ বিয়াৰ কথা ঘোষণা কৰিছে ৷ তাৰ মাজতে দ্বিতীয়বাৰৰ বাবে বিয়াত বহিল নেটিজেনৰ প্ৰিয় যুটি অদিতি-সিদ্ধাৰ্থ ৷ ছেপ্টেম্বৰত অকস্মাতে বিয়াৰ খবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দুয়োৱে অনুৰাগীক আচৰিত কৰি তোলে ৷ এতিয়া পুনৰবাৰ দ্বিতীয় বিবাহৰ ফটোৰে সকলোৰে চকু কপালত তুলিছে এই যুটিয়ে ৷ ৰাজস্থানৰ ৰাজকীয় পৰিৱেশত তেওঁলোক বিবাহপাশত আৱদ্ধ হয় বুলি জানিব পৰা গৈছে ।

২৭ নৱেম্বৰত অদিতিয়ে ইনষ্টাগ্ৰামত আলিলা ফৰ্ট বিষাণগড়ত সিদ্ধাৰ্থৰ সৈতে হোৱা তেওঁৰ শেহতীয়া বিবাহ অনুষ্ঠানৰ কেইবাখনো ধুনীয়া আলোকচিত্ৰ শ্বেয়াৰ কৰে । এই অন্তৰংগ ফটোসমূহে শ্ৰীমতী আৰু শ্ৰীযুত আদু-সিদ্ধুৰ উষ্ম কেমেষ্ট্ৰী আৰু তেওঁলোকৰ মিলনৰ সম্পূৰ্ণ আনন্দ চিহ্নিত কৰিছে ।

ৰাজস্থানত অদিতি আৰু সিদ্ধাৰ্থৰ দ্বিতীয় বিবাহ কোনো চিনেমাতকৈ কম নাছিল । দম্পতীৰ মুখত একেলগে পোজ দিয়াৰ সময়ত হাঁহি আছিল, তেওঁলোকৰ মৰম আৰু সুখ প্ৰতিটো ফ্ৰেমতে বন্দী হৈছে । এখন ফটোত অদিতিক সিদ্ধাৰ্থক পিছফালৰ পৰা আলিংগন কৰা দেখা গৈছে । তেওঁলোকৰ ছবিবোৰে অনুৰাগীক আৱেগিক কৰি তুলিছে ।

লগতে পঢ়ক :মেহেন্দীৰ সলনি আল্টা, অদিতিয়ে মুহিলে নেটিজেনক - Aditi Rao Hydari Siddharth wedding

অদিতিক বিশেষ দিনটোত এগৰাকী ৰাণীৰ দৰে দেখা গৈছিল, তেওঁ উজ্জ্বল ৰঙা লেহেংগা পৰিধান কৰিছিল । পৰম্পৰাগত গহনাবোৰৰ ভিতৰত তেওঁ পৰিধান কৰে এটা সূক্ষ্ম মাথা পট্টি, নাকফুলি, কাণফুলি আৰু অলংকৃত সোণৰ অলংকাৰ । তেওঁৰ চুলিবোৰ পৰিপাটিকৈ বেণী কৰা হৈছিল আৰু সূক্ষ্ম মেকআপে তেওঁৰ প্ৰাকৃতিক সৌন্দৰ্য বঢ়াই তুলিছিল ৷ আনহাতে ফুলৰ মালাই ৰাজকীয় চেহেৰাত সঠিক স্পৰ্শ যোগ কৰিছিল । সিদ্ধাৰ্থক এটা ক্লাছিক আইভৰী শ্বেৰৱানীত সমানে আকৰ্ষণীয় দেখা গৈছে য'ত এম্ব্ৰইডাৰী কৰা আছিল । তেওঁ এডাল মুক্তাৰ নেকলেচেৰে লুকটো সম্পূৰ্ণ কৰে ।

ফটোসমূহ শ্বেয়াৰ কৰি অদিতিয়ে আন্তৰিক বাৰ্তাৰে নিজৰ অনুভৱ প্ৰকাশ কৰে: "জীৱনত ধৰি ৰখাৰ আটাইতকৈ ভাল বস্তুটো হ'ল ইজনে সিজনক।" ছেপ্টেম্বৰৰ ১৬ তাৰিখে হোৱা অন্তৰংগ আৰু পৰম্পৰাগত দক্ষিণ ভাৰতীয় বিয়াৰ পিছত এয়া দম্পতীটোৰ দ্বিতীয়খন বিবাহ । ৱানাপাৰ্থীৰ ৪০০ বছৰীয়া মন্দিৰত অনুষ্ঠিত হোৱা প্ৰথমটো অনুষ্ঠান সংস্কৃতি আৰু ভক্তিৰ সুন্দৰ মিশ্ৰণ আছিল ।

সিদ্ধাৰ্থ-অদিতিয়ে ২০২১ চনত ডেটিং আৰম্ভ কৰিছিল আৰু মাৰ্চত তেওঁলোকৰ বাগদান নিশ্চিত কৰিছিল ।

লগতে পঢ়ক : জীৱন বাটত এডাল এনাজৰীতে খামুচি ধৰিলে অদিতি-সিদ্ধাৰ্থই - Aditi Rao Hydari Siddharth wedding

ABOUT THE AUTHOR

...view details