চিটাৰা ডেস্ক, 12 জুন :এটা বছৰত বহুতো চিনেমাই মুক্তি লাভ কৰে ৷ বক্স অফিচত কিছু ছবি সফল হয় আৰু কিছু ছবি বিফল হয় ৷ সফলতা-বিফলতাৰ মাজত কিছুমান ছবিয়ে কিন্তু দৰ্শক, সমালোচক সকলোৰে মনতে ক্ৰিয়া কৰে ৷ তেনে এখন ছবি হৈছে বিগত বৰ্ষৰ 1 ডিচেম্বৰত মুক্তি লাভ কৰা এনিমেল ৷
ছবিগৃহত মুক্তি লাভ কৰিলে এনিমেলে, একাংশই বহুত ভাল পালে, একাংশই কেৱল ভাল, বহুতে বেয়া পালে, সমালোচকে সমালোচনা কৰিলে, কিন্তু ছবিখন চিনেমা হলত চলি থাকিল ৷ বক্স অফিচত সুন্দৰ প্ৰদৰ্শন এনিমেলৰ ৷ সকলোৱে নিজৰ নিজৰ দৃষ্টিভংগীৰ পৰা এনিমেল চালে উপভোগ কৰিলে, বেয়া পোৱাই আধাতে এৰিলে ৷ কিন্তু উল্লেখ কৰিবলগীয়া কথাটো হ’ল যোৱাবছৰেই মুক্তি পোৱা ছবিখনক লৈ বিতৰ্ক এতিয়াও শেষ হোৱা নাই ৷
‘কবীৰ সিং’ ছবিখনত কাম কৰা এজন অভিনেতাই কৈছে ২০০ কোটি টকা পালেও তেওঁ সন্দীপ ৰেড্ডী ভাংগাৰ এনিমেল ছবিখন নকৰিলেহেঁতেন । ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মন্দানা অভিনীত মেগা ব্লকবাষ্টাৰ ছবি ‘এনিমেল’ এতিয়াও বাতৰিৰ শিৰোনামত । ছবিখন সন্দৰ্ভত অভিনেতা আদিল হুছেইন আৰু এনিমেলৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ মত বিৰোধ এতিয়াও চলি আছে ।
লগতে পঢ়ক :তিনিদিনত ৫১ লাখতকৈ অধিক উপাৰ্জন "স্বৰ্গৰথ" ৰ - New assamese film swargarath
আদিল হুছেইনে তেওঁৰ শেহতীয়া বিবৃতিত কৈছে যে তেওঁক মাচুল হিচাপে ২০০ কোটি টকাৰ প্ৰস্তাৱ দিয়াহেঁতেনো তেওঁ এনিমেল ছবিখন নকৰিলেহেঁতেন । মন কৰিবলগীয়া যে সন্দীপৰ ছবি ‘কবীৰ সিং’ ত আদিল হুছেইনে কাম কৰিছিল ।