গোলাঘাট: মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈৰ মৃত্যু দিন উপলক্ষে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মঙলবাৰে বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত কৰা বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত 'বেণ্ডিত কুইন'খ্যাত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী সীমা বিশ্বাসক মৃত্যুঞ্জয়ী শিল্পী 'আইদেউ সন্দিকৈ স্মাৰক বঁটা ২০২৪' প্ৰদান কৰা হয় ৷ ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই অভিনেত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰে ৷
আইদেউ সন্দিকৈ বঁটা লাভ কৰি আবেগিক হৈ পৰে অভিনেত্ৰীগৰাকী ৷ এই বঁটা গ্ৰহণ কৰি তেওঁ অতি আনন্দিত হোৱাৰ কথা উল্লেখ কৰি লেখিকা সমাৰোহ সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ তেওঁ কয়, "সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে মোক এই বঁটাৰ বাবে যোগ্য বুলি ভাবিছে আৰু আইদেউ সন্দিকৈৰ নাম মোৰ লগত জড়িত কৰাটো মোৰ বাবে ডাঙৰ আৰ্শীবাদ ।"
সীমা বিশ্বাসক আইদেউ সন্দিকৈ স্মাৰক বঁটা ২০২৪ (ETV Bharat Assam) তেওঁ লগতে কয়, "মই আগতে বহুতো বঁটা লাভ কৰিছো, কিন্তু এই বঁটা মোৰ কাৰণে অস্কাৰতকৈও বহু ওপৰত ৷ নিজৰ ঘৰৰ মৰম-স্নেহ আৰু সন্মান লাভ কৰিলে বেলেগ এটা আনন্দ লাগে । আগলৈ আৰু ভালদৰে কাম কৰি যোৱাৰ ইচ্ছা হ'ব মোৰ । মোৰ শব্দ নাই, ভাষা নাই ক'বলৈ । আইদেউ সন্দিকৈয়ে অভিনেত্ৰীসকলক বাট দেখুৱাই গৈছে ।"
তেওঁ আৰু কয়, "১৯৩৫ চনত তেওঁ এই আন্দোলনৰ পৰা জয়ী হৈছিল, কিন্তু তেখেতে বহুত কষ্ট পাইছিল, বহু প্ৰতাৰণা, বহু লাঞ্চনা সহ্য কৰিবলগীয়া হৈছিল ৷ তেওঁ আজিৰ অভিনেত্ৰীসকলৰ বাবে বাটকটীয়া । আজিকালি ডিজিটেলৰ দিন ৷ ভাল-বেয়া সকলো প্ৰচাৰ হৈ যায় ৷ কিন্তু সেই সময়ত তেখেতে সেই ঘৰটোত অকলে আছিল, গাঁৱত অকলে, সমাজতো অকলে ইমান বছৰ অতিবাহিত কৰি ২০০২ চনত মৃত্যু হৈছিল ।"
"আজিকালিৰ দৰে আগতে সকলো শিল্পীপ্ৰেমী নাছিল ৷ সেই সময়ত এইবোৰ লাজৰ কথা আছিল । ইয়াৰ উপৰিও সেই সময়ত সকলোবোৰ সহ্য কৰি একপ্ৰকাৰৰ গৃহবন্দী হৈ কেনেকৈ দিন অতিবাহিত কৰিছিল ভাবিলে দুখ লাগে । তেনে এগৰাকী মহান নাৰীৰ নামত মোক এই বঁটা প্ৰদান কৰিছে তাৰবাবে ধন্যবাদ ।" অভিনেত্ৰী সীমা বিশ্বাসে কয় ৷ তেওঁ লগতে অসমীয়া, হিন্দী, বাংলা, মাৰাঠী, তেলুগু ভাষাৰ কেইবাখনো ছবিত অভিনয় কৰি থকাৰ কথা জানিবলৈ দিয়ে ৷
অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি নিজৰ ভাষণৰ মাজতে নিজে লেখা কবিতা পাঠ কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই । ৰাজ্যপালগৰাকীয়ে কয়, "আজি বোকাখাতত লেখিকা সমাৰোহ সমিতিয়ে আইদেউ সন্দিকৈ বঁটা বিতৰণ কৰা সভাত থাকি অভিভূত হৈছোঁ । আজি মোক যি সম্বৰ্ধনা জনাইছে মই তাৰ যোগ্য হওঁ নে নহওঁ, মই এজন সাধাৰণ লোকৰ পৰা আজি ৰাজ্যপাল হৈছো আৰু আজিৰ দিনটো মোৰ কাৰণে স্মৰণীয় হৈ থাকিব ।"
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী সূবৰ্ণ শইকীয়াই সভাপতিত্ব কৰা বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত ভালেসংখ্যক গুণী-জ্ঞানী ব্যক্তি, লেখিকা আৰু শিল্পীক সম্বৰ্ধনা জনোৱা হয় । শইকীয়াই কয়, "আজি লেখিকা সমাৰোহৰ বাবে এটা ভাল দিন । সীমা বিশ্বাসক এই বঁটা প্ৰদান কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ ৷" তেওঁ লগতে অসমৰ ৩৩ খন জিলাত ৩৩ হাজাৰ গ্ৰন্থ প্ৰকাশ কৰাৰ কথা জানিবলৈ দিয়াৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে অহা জানুৱাৰী মাহৰ ভিতৰত গুৱাহাটীৰ কলাক্ষেত্ৰত ১০০০ খন গ্ৰন্থ উন্মোচনৰ ব্যৱস্থা কৰাৰ কথা ব্যক্ত কৰে ৷
লগতে পঢ়ক:ছিগালৰ উদ্যোগত দেশৰ ভিন্ন প্ৰান্তত মঞ্চস্থৰ বাবে সাজু UNSEWN