হায়দৰাবাদ : জোশ, এলঅ'চি কাৰ্গিল আৰু লক্ষ্যৰ দৰে চলচ্চিত্ৰৰ বাবে জনাজাত অভিনেতা শৰদ কাপুৰ বিতৰ্কত সোমাই পৰিছে ৷ এগৰাকী ৩২ বছৰীয়া মহিলাই তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে । মুম্বাইৰ খাৰ আৰক্ষীয়ে জনোৱা অনুসৰি, মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে কাপুৰে তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ বাসগৃহলৈ যোৱাৰ সময়ত তেওঁক বলপূৰ্বকভাৱে স্পৰ্শ কৰিছিল ।
ভুক্তভোগীগৰাকীয়ে দাবী কৰিছে যে তেওঁ ফেচবুকৰ জৰিয়তে কাপুৰৰ সংস্পৰ্শলৈ আহিছিল ৷ এটা সম্ভাৱ্য শ্বুটিং প্ৰকল্পৰ বিষয়ে ভিডিঅ' কলত তেওঁলোকৰ মাজত আলোচনা হৈছিল । কাপুৰে মহিলাগৰাকীক তেওঁৰ খাৰস্থিত অৱস্থান প্ৰেৰণ কৰে, য’ত তেওঁৰ কাৰ্যালয় আছে বুলি কাপুৰে দাবী কৰিছিল । কিন্তু উক্ত স্থানত গৈ পোৱাৰ পিছতহে মহিলাগৰাকীয়ে আবিষ্কাৰ কৰে যে এইটো তেওঁৰ বাসস্থান ।
মহিলাগৰাকী কাপুৰৰ তৃতীয় মহলাৰ এপাৰ্টমেণ্টটোত উপস্থিত হোৱাৰ পাছত এজন মানুহে দুৱাৰখন খুলি দিয়ে আৰু ভিতৰৰ পৰা ফোন কৰি কাপুৰে তেওঁক নিজৰ শোৱা কোঠালৈ মাতে । কাপুৰৰ এই আচৰণ অনুচিত আৰু ভয়ংকৰ হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে । সেইদিনা সন্ধিয়া কাপুৰে মহিলাগৰাকী কুৎসিত ভাষা ব্যৱহাৰ কৰি হোৱাটছএপ মেছেজ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ।