যোৰহাট : “আমি আটায়ে ৰাজীৱ শদিয়াক এখন উপযুক্ত আসন দিব নোৱাৰিলো, যিগৰাকী শিল্পীয়ে প্ৰচাৰ আৰু প্ৰসাৰ অবিহনে জাতিৰ সংকটৰ সময়ত আৰু অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষাৰ ক্ষণত নিঃস্বাৰ্থভাৱে জাতিটোৰ হকে গান গাই গৈছিল ৷ ৰাজীৱ শদিয়াই গানৰ জৰিয়তে বিৰ্তকৰ সৃষ্টি কৰি জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিলেহেঁতেন, সস্তীয়া গানেৰেও তেওঁ জনপ্ৰিয় হোৱাৰ পথ বাছি ল’ব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনে কাৰ্যৰ পৰা আঁতৰি থাকিল ৷ মৃত্যুৰ পিছত এগৰাকী শিল্পীক যিদৰে সন্মান আৰু মৰম দিয়া হয়, সেই মৰম আৰু সন্মান জীয়াই থকা সময়তে দিয়াৰ প্ৰয়োজন আছে ৷ ইমান কম বয়সতে ৰাজীৱ শদিয়াই মৃত্যুক আকোঁৱালি লোৱা ঘটনাই মোক মনত অত্যন্ত দুখ দিছে ৷” এই অনুভৱ অভিনেতা ৰবি শৰ্মাৰ ৷
যোৰহাটত এটা অনুষ্ঠানত ভাগ ল’বলৈ আহি সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ত জনপ্ৰিয় অভিনেতাগৰাকীয়ে আৰু কয় যে দৰাচলতে তেৱোঁ ৰাজীৱ শদিয়াৰ মৃত্যুৰ আগলৈকে শিল্পীগৰাকীৰ সন্দৰ্ভত সিমান অৱগত নাছিল ৷ যিটো কথাই তেওঁক যথেষ্ট দুখ দিছে বুলিও উল্লেখ কৰে ৰবি শৰ্মাই ৷
ৰাজীৱ শদিয়াৰ দৰে শিল্পী যে আমাৰ সমাজত আছিল সেই কথাক লৈ ৰবি শৰ্মাই গৌৰৱ প্ৰকাশ কৰে ৷ কিন্তু এনে এজন শিল্পীয়ে জীয়াই থকা কালতে পাবলগীয়া আদৰ, মৰম-চেনেহ, সন্মানখিনি নোপোৱাৰ বাবে দুখ প্ৰকাশ কৰে তেওঁ ৷ নিঃস্বাৰ্থভাৱে জাতিৰ হকে কাম কৰাজনহে প্ৰকৃত শিল্পী বুলি মন্তব্য কৰি অভিনেতা ৰবি শৰ্মাই ৰাজীৱ শদিয়াৰ মৃত্যু অসমীয়াৰ বাবে ডাঙৰ ক্ষতি বুলি অভিহিত কৰে ৷ এনেধৰণৰ জাতীয় শিল্পীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ লগতে অসমবাসীক সস্তীয়া মনোৰঞ্জনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাই অভিনেতাজনে ৷