গুৱাহাটী, 17 ছেপ্টেম্বৰ : ৰবি শৰ্মা, যাৰ চিনেমা চাবলৈ প্ৰতিজন অসমীয়াই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে, তেওঁলোকলৈ সুখবৰ ৷ অভিনেতাজনে ঘোষণা কৰিছে এখন নতুন ছবিৰ কথা ৷ অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ লিখিত কাহিনীৰে নিৰ্মাণ হ’বলগীয়া এইখন হৈছে দ্বিতীয়খন ছবি । অভিনেতা গৰাকীৰ লিখিত কাহিনীৰে মুক্তি পোৱা প্ৰথমখন অসমীয়া ছবি ‘শ্ৰী ৰঘুপতি’ৰ অপাৰ সফলতাৰ পাছত অসমীয়া ছবিজগতত অভিনেতা ৰবি শৰ্মাৰ আন এক সংযোজন ‘মোক্ষ’ ।
অহা নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব মোক্ষৰ শ্বুটিং। সকলো ঠিকেই থাকিলে আগন্তুক বৰ্ষত ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন । শুকুৰবাৰে এক ভিডিঅ’ বাৰ্তা যোগে এই খবৰ শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে । ভিডিঅ’ বাৰ্তাটোত অভিনেতাগৰাকীয়ে উল্লেখ কৰে, “প্ৰথমে আপোনালোকক শ্ৰী ৰঘুপতিৰ অপাৰ সফলতাৰ বাবে মই পুনৰবাৰ নতশিৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি এই ভিডিঅ’টোৰ জৰিয়তে আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ৰঘুপতিৰ অপাৰ সফলতাৰ পাছত এতিয়া মই পুনৰ এখন নতুন স্ক্ৰীপ্ট লিখি আছো । এই স্ক্ৰীপ্টখনৰ নাম হৈছে 'মোক্ষ' । এটা সংস্কৃত শব্দ । এই ছবিখনৰ শ্বুটিং আমি নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম । ঈশ্বৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে 2025 বৰ্ষত আমি ছবিগৃহত আপোনালোকৰ বাবে ছবিখন উপলব্ধ কৰিম ।”