চিটাৰা ডেস্ক, 10 আগষ্ট : উচ্চতম ন্যায়ালয়ত প্ৰদৰ্শিত হ’ল ‘‘লাপাতা লেডিজ’’ ৷ অভিনেতা-প্ৰযোজক আমিৰ খান আৰু পৰিচালক কিৰণ ৰাওৱো ছবিখনৰ প্ৰদৰ্শনত উপস্থিত থাকে । এনে ছবিবোৰে সমাজৰ বিভিন্ন স্তৰক প্ৰতিনিধিত্ব কৰে । ভাৰতৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ে কয় যে ছবিখনৰ বিষয়বস্তু আকৰ্ষণীয় । আমিৰ খানে কয় যে এই ছবিখন নিৰ্মাণৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য কি আছিল ?
চিনেমাখন চোৱাৰ পাচত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, "এই ছবিখন প্ৰদৰ্শনৰ মূল উদ্দেশ্য আছিল দেশৰ উচ্চতম ন্যায়ালয়ৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । লিংগ বৈষম্য দূৰ কৰাৰ দৰে বিষয়বোৰ মোৰ হৃদয়ৰ অতি ওচৰৰ । গতিকে মই অনুভৱ কৰিলো যে এই দিনটোত লাপাতা লেডিজ চাব লাগে ৷ এই চলচ্চিত্ৰখনত মধ্য ভাৰত আৰু সমাজৰ বিভিন্ন স্তৰ ৰ চিত্ৰায়ন কৰা হৈছে । আমি সকলোৱে এই ছবিখন উপভোগ কৰিছিলো ।"
তাৰ পিচত মুখ্য ন্যায়াধীশে আমিৰ খানক কেনেকৈ লগ পাইছিল সেই কথা মনত পেলাই কয়, "কেইবছৰমান আগতে যেতিয়া মই বম্বে হাইকোৰ্টত ন্যায়াধীশ আছিলো তেতিয়া মই এখন আলোচনা চক্ৰত অংশ লৈছিলো । তাত আমিৰ খানো উপস্থিত আছিল । সেই আলোচনা চক্ৰত তেওঁৱো কথা কৈছিল । প্ৰথমখন বৈঠকতে তেওঁৰ লগত কথা পাতিছিলো, শুনি ভাল লাগিছিল তেওঁৰ কথা ।"
চলচ্চিত্ৰখনৰ প্ৰদৰ্শনৰ পিচত আমিৰ খানে ‘‘লাপাতা লেডিজ’’ দলৰ হৈ উপস্থিত সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । তাৰ পিচত তেওঁ বৰ্ণনা কৰে যে তেওঁ কিয় এনে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিব বিচাৰিছিল । আমিৰে কয়, "মহামাৰী ক’ভিডৰ সময়ত মই যথেষ্ট সময় পাইছিলো, মই ভাবো মই আৰু 15 বছৰহে সক্ৰিয়ভাৱে কাম কৰিবলৈ সক্ষম হ'ম ৷ তাৰ পিচত কোনে জীৱন দেখিছে, মই দৰ্শকক ঘূৰাই দিব বিচাৰো যি বিগত বছৰবোৰত শিকিছো, এই সমাজ, এই দেশ আৰু এই চলচ্চিত্ৰ উদ্যোগে মোক বহুত দিছে ।’’