মাজুলী : মাজুলীৰ ৰাস প্ৰতিবাৰেই বিশেষ ৷ ৰাসৰ সময় আহিলেই যেন মাজুলী ৰূপান্তৰ হয় দ্বিতীয় বৃন্দাবনলৈ ! স্থানীয় লোকৰ লগতে সকলোৰে সম্পৰ্কীয় মিতিৰ-কুটুমৰ পৰা আৰম্ভ কৰি দেশী-বিদেশী পৰ্যটকৰে ভৰি পৰে মাজুলী ৷ ৰাসৰ প্ৰায় এমাহ আগৰ পৰা হোৱা আখৰাই আকাশ-বতাহ ৰঙীন কৰি ৰাখে মাজুলীৰ ৷
এতিয়া সামৰণি পৰিল মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱৰ । এমাহজোৰা উখল-মাখল পৰিৱেশৰ পাছত দেওবাৰৰ পৰা নিস্তব্ধ হৈ পৰে মাজুলীৰ ৰাস্তা-ঘাট-পদূলি । ৰাসৰ সামৰণি পৰাৰ লগে লগে নিজা নিজা স্থানলৈ উভতিছে মাজুলীলৈ অহা দেশী-বিদেশী পৰ্যটকসকল । দক্ষিণপাট সত্ৰ, উত্তৰ কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰকে আদি কৰি এইবাৰ মাজুলীৰ ১২ খনকৈ সত্ৰৰ লগতে অৰ্ধ শতাধিক ৰংগমঞ্চত অনুষ্ঠিত হৈছিল ৰাস মহোৎসৱৰ ।
ব্যাপক চৰ্চা লাভ কৰা ভিডিঅ’টো (ETV Bharat Assam) লক্ষণীয় যে, মাজুলীৰ ৰাস অনন্য আৰু অদ্বিতীয় । ৰাস মহোৎসৱ মাজুলীবাসীৰ স্বাভিমান । যদিও ৰাস মহোৎসৱৰ সামৰণি পৰিল কিন্তু মাজুলীৰ ৰাসৰ এটা দৃশ্যই এতিয়াও সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰি আহিছে । মাজুলীবাসীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে তেজত প্ৰবাহিত হৈ আছে ৰাস । তাৰে প্ৰমাণ দিলে এটি চাৰিমহীয়া শিশুৱে । এই শিশুটিৰ নাম অভিজ্ঞান তামূলী । ৰতনপুৰ ৰংগমঞ্চত কংসৰ ভাগিনৰ চৰিত্ৰত দেখা গ’ল চাৰিমহীয়া অভিজ্ঞান তামূলীক । কংসৰ অট্যহাস্যৰ মাজতো সু-নিপুণ অভিনেতাৰ দৰে অভিনয় কৰিলে শিশুটিয়ে । সকলোৰে মন মুহিবলৈ সক্ষম হৈছে এই দৃশ্যই ।
পিছে ৰাসৰ মহোৎসৱৰ সামৰণি পৰিল যদিও সমান্তৰালকৈ প্ৰস্তুতি চলি থকা মাজুলী মিউজিক ফেষ্টিভেলৰ বাবে মাজুলীবাসীৰ মন উদাস হৈ পৰা নাই ৷ এই ফেষ্টিভেললৈয়ো বহু লোকৰ আগমন ঘটে ৷ এইবাৰ মাজুলীৰ জেংৰাই বালিচাপৰিত অনুষ্ঠিত হ’ব পঞ্চম সংখ্যক মাজুলী মিউজিক ফেষ্টিভেল ৷
লগতে পঢ়ক :তালুত চুমা খাই খাই মুকুতাৰ চুলিখিনি কোনে শেষ কৰিলে ?