নিউজ ডেস্ক, 7 অক্টোবৰ: ব্যক্তিগতখণ্ডত নিয়োজিত লোকসকলৰ মূৰৰ ওপৰত কামৰ কিমান বোজা থাকে সেয়া দুনাই কোৱাৰ প্ৰয়োজন নাই ৷ বহুসময়ত এই বোজাই কৰ্ম অভিজ্ঞতা তিক্ত কৰি তোলে আৰু বহুজনে নিজকে ইয়াৰ পৰা আঁতৰাই অনাৰ চিন্তা কৰে ৷ শেহতীয়াকৈ অত্যধিক কামৰ বোজাৰ বাবে কৰ্মচাৰীয়ে চৰম পন্থা অৱলম্বন কৰাৰ বাতৰিও পোৱা গৈছে ৷ কৰ্মচাৰীৰ কৰ্ম পৰিস্থিতি উন্নত কৰাৰ বাবে তেওঁলোকৰ সমস্যাৰ বুজ ল’বলৈ এটা কৰ্পৰেট কোম্পানীৰ চি ই অ’ই গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ ৷ সবিশেষ জানিবলৈ এই প্ৰতিবেদন সম্পূৰ্ণকৈ পঢ়ক-
বৰ্তমান জ’মাটো (Zomato) ৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) দীপিন্দৰ গোৱেলে নিজৰ কৰ্মব্যস্ততাৰ মাজতে কিছু সময় উলিয়াই এনে এক কাম কৰে, যিয়ে সকলোকে আচৰিত কৰি তুলিছে ৷ জ’মাটোৰ ডেলিভাৰী এজেন্টৰ ইউনিফৰ্ম পিন্ধি পত্নী গ্ৰেচিয়া মুনোজৰ সৈতে গুৰগাঁৱৰ ৰাজপথত খাদ্য বিলাবলৈ যোৱা দেখা গ’ল দীপিন্দৰক ৷ কৰ্মচাৰীৰ কৰ্ম পৰিস্থিতি উন্নত কৰাৰ বাবেই তেওঁ পৰীক্ষামূলকভাৱে এই কাৰ্য কৰা বুলি জানিব পৰা গৈছে ৷
কিছুদিন পূৰ্বে আৰ্নষ্ট এণ্ড ইয়ং নাম এটা কোম্পানীৰ পুনেৰ এজন চাৰ্টাড একাউন্টেন্ট আন্না চেবাষ্টিয়ান পেৰাইলে অত্যধিক কামৰ বোজাৰ বাবে আত্মহত্যা কৰা বুলি চৰ্চা হোৱাৰ পিছতেই দীপিন্দৰে এই পদক্ষেপ গ্ৰহণ কৰে ৷
"মোৰ দ্বিতীয় অৰ্ডাৰৰ সময়ত মই উপলব্ধি কৰিলোঁ যে আমি সকলো ডেলিভাৰী অংশীদাৰৰ কৰ্ম পৰিস্থিতি উন্নত কৰিবলৈ মলসমূহৰ সৈতে অধিক ঘনিষ্ঠভাৱে কাম কৰিব লাগিব । লগতে মলসমূহো ডেলিভাৰী অংশীদাৰৰ প্ৰতি অধিক মানৱীয় হ'ব লাগিব । আপুনি কি ভাবে ?" খাদ্য ডেলিভাৰী কৰাৰ সময়ত হোৱা কষ্টৰ বিষয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত দীপিন্দৰে এনেকৈ বৰ্ণনা কৰিছিল ।
এটা পৰিৱৰ্তন সাধনৰ বাবে তেওঁ খাদ্যৰ অৰ্ডাৰ ডেলিভাৰী কৰিছিল । গোৱেলৰ এই ইংগিতৰ ওপৰত ইণ্টাৰনেটত ব্যাপক চৰ্চা হ’ল, কাৰণ তেওঁৰ এই প্ৰচেষ্টাৰ লক্ষ্য হৈছে জ’মাটোৰ ডেলিভাৰী এজেন্টসকলে সন্মুখীন হোৱা দৈনন্দিন প্ৰত্যাহ্বানসমূহ প্ৰত্যক্ষভাৱে দেখুৱাই তেওঁলোকক উৎসাহিত কৰা ।