নেশ্যনেল ডেস্ক, ২৭ মে’ :মাছ বাৰু আপোনাৰ প্ৰিয় নেকি ? মাছৰ টেঙা, খৰিচাৰ সৈতে মাছ আদি ব্যঞ্জনৰ কথা শুনিলে আপোনাৰো নিশ্চয় জিভাৰ পানী পৰিব ৷ কিন্তু সদায় মাছ ক্ৰয় কৰাটো জানো সম্ভৱ !
এতিয়া আৰু চিন্তা নাই ৷ ১০ টকা কেজিত মাছ কিনি আপুনি প্ৰতিদিনে ল’ব পাৰিব জিভাৰ জুতি ৷ এতিয়া হয়তো আপোনাৰ মনলৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে- সঁচাই জানো ১০ টকা কেজিত মাছ কিনিব পাৰি ? ১০ টকা কেজিত পোৱা মাছ কিমান স্বাস্থ্যৰ বাবে উপকাৰী অথবা এয়া এক অযুক্তিকৰ কথা ৷
কিন্তু আপোনাক যদি কওঁ এয়া কোনো ভ্ৰম বা মিছা কথা নহয় ৷ তেন্তে আপুনিও জানি আচৰিত হ’ব যে বৰ্তমানৰ মূল্যবৃদ্ধিৰ সময়তো বহু টকীয়া মূল্যৰ মাছ পোৱা যায় মাত্ৰ ১০ টকা কেজিত ৷ আমি উল্লেখ কৰা এই ১০ টকা কেজিত মাছ পোৱা ঠাইখন হৈছে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলা ৷
জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তনে কঢ়িয়াই অনা এক উল্লেখযোগ্য প্ৰত্যাহ্বান ৷ এই প্ৰত্যাহ্বানৰ সৈতে বৰ্তমান পশ্চিম গোদাৱৰী জিলাৰ একুৱা কৃষক (aqua farmers) তথা মাছুৱৈসকলে যুঁজ দিব লগাত পৰিছে ৷ বতৰৰ এই হঠাৎ পৰিৱৰ্তনৰ ফলত একুৱাৰ পুখুৰীবোৰত অক্সিজেনৰ অভাৱৰ দৰে এক জটিল সমস্যাৰ সৃষ্টি হৈছে ৷ যাৰ ফলত মাছৰ জীৱন চক্ৰত আহি পৰিছে ভয়ংকৰ বিপদ ৷