নতুন দিল্লী: নতুন বছৰৰ পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ আৰ বি আয়ে লৈছে এটা ডাঙৰ সিদ্ধান্ত । দেশত প্ৰচলিত নতুন মুদ্ৰা আৰু নোট ছপা কৰাৰ অধিকাৰ আৰ বি আইৰ আছে । যেতিয়া আৰ বি আয়ে কেন্দ্ৰীয় চৰকাৰৰ আগত নোট আৰু মুদ্ৰা ছপা কৰাৰ প্ৰস্তাৱ দিয়ে, তেতিয়া এই প্ৰক্ৰিয়া দুটা পৰ্যায়ত সম্পূৰ্ণ হয় । ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে আৰ বি আইৰ জ্যেষ্ঠ বিষয়া আৰু অৰ্থনীতিবিদৰ সহায়ত সিদ্ধান্ত গ্ৰহণ কৰে আৰু মুদ্ৰা আৰু নোট ছপা কৰাৰ অধিকাৰ আৰ বি আইক দিয়া হয় । যেতিয়া যিকোনো নোট বা মুদ্ৰা বন্ধ কৰিবলগীয়া হয়, তেতিয়াও একেধৰণৰ পদ্ধতি অনুসৰণ কৰা হয় ।
দেশত বৰ্তমানলৈ কেইবাবাৰো মুদ্ৰা আৰু নোট বন্ধ কৰা দেখা গৈছে ৷ ২০১৬ চনত বন্ধ কৰি দিয়া হৈছিল ৫০০ আৰু ১০০০ টকীয়া নোট । যোৱা বছৰ ভাৰতীয় ৰিজাৰ্ভ বেংকেও ২০০০ টকীয়া নোট নিষিদ্ধ কৰিছিল । সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৫ টকীয়া মুদ্ৰা সন্দৰ্ভতো বেংকটোৱে ডাঙৰ সিদ্ধান্ত লৈছে ।
৫ টকীয়া মুদ্ৰা বন্ধ কৰা হৈছে নেকি ?
১০০, ২০০ আৰু ৫০০ টকীয়া নোটৰ লগতে ৫, ১০ আৰু ২০ টকীয়া মুদ্ৰা এতিয়াও প্ৰচলিত হৈ আছে । কিন্তু যোৱা কেইবছৰমানৰ পৰা দেখা গৈছে যে ৫ টকীয়া মুদ্ৰা বজাৰৰ পৰা প্ৰায় নোহোৱা হৈ গৈছে । পাঁচটকীয়া মুদ্ৰাটো আমি সকলোৱে ব্যৱহাৰ কৰিছো আৰু দেখিছো যে আগতে আন মুদ্ৰাতকৈ ডাঠ আছিল । কিন্তু এতিয়া এই মুদ্ৰাবোৰ ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে আৰু তাৰ ঠাইত ৫ টকাৰ পাতল সোণালী ৰঙৰ মুদ্ৰা এটা আহি পৰিছে ।
যদি ৫ টকাৰ মুদ্ৰাৰ ওজন ৯ গ্ৰামতকৈ বেছি হয় তেন্তে আৰ বি আয়ে ইয়াৰ ওজন হ্ৰাস কৰে অথবা ছপা কৰা বন্ধ কৰে ।