নেশ্যনেল ডেস্ক, ২০ জুন : দেশৰ আলু খেতিয়কসকলৰ বাবে আহিছে এক ভাল খবৰ ৷ কিয়নো আন্তঃৰাষ্ট্ৰীয় আলু গৱেষণা কেন্দ্ৰ পেৰুৰ সহায়ত ১২০ কোটি টকা ব্যয়েৰে এতিয়া ভাৰতত নিৰ্মাণ কৰা হ’ব এটা আলু গৱেষণা কেন্দ্ৰ ৷
ভাৰতৰ প্ৰথম আলু গৱেষণা কেন্দ্ৰ (ETV Bharat) ইতিমধ্যে সকলোৰে জ্ঞাত যে, বিগত বছৰতেই উত্তৰ প্ৰদেশৰ আগ্ৰাত আন্তঃৰাষ্ট্ৰীয় আলু গৱেষণা কেন্দ্ৰ পেৰুৰ শাখা মুকলি কৰিবলৈ সেউজ সংকেত দিয়া হৈছিল । যিটো দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত হ’ব একমাত্ৰ শাখা ।
আলু খেতিয়কৰ দীৰ্ঘদিনীয়া চাহিদাত এতিয়া আগ্ৰা-দিল্লী ঘাইপথৰ ছিংগানা গাঁৱত এটা আন্তঃৰাষ্ট্ৰীয় আলু গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰি থকা হৈছে । যাৰ বাবে শেহতীয়াকৈ উদ্যান শস্য বিভাগে প্ৰায় দহ হেক্টৰ মাটি কৃষি মন্ত্ৰালয়লৈ হস্তান্তৰ কৰিছে ।
এই ভূমিতে আন্তঃৰাষ্ট্ৰীয় আলু গৱেষণা কেন্দ্ৰ পেৰুৰ সহায়ত ১২০ কোটি টকা ব্যয়েৰে এটা আলু গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব । য’ত বিজ্ঞানীসকলে নতুন প্ৰজাতিৰ আলুৰ লগতে আলুৰ বীজো প্ৰস্তুত কৰিব । নতুন প্ৰক্ৰিয়াকৰণযোগ্য আলুৰ প্ৰজাতিৰ বিকাশৰ কাম কৰা হ’ব । ইয়াৰ সমান্তৰালকৈ দেশত বৃহৎ-ক্ষুদ্ৰ খাদ্য সংসাধন ইউনিটো স্থাপন কৰা হ’ব ।
আলু গৱেষণা কেন্দ্ৰ (ETV Bharat) উত্তৰ প্ৰদেশৰ আগ্ৰা, মথুৰা, ইটাহ, ফিৰোজাবাদ, আলিগড়, হাথৰাছ, কাছগঞ্জ, মইনপুৰী, ফাৰৰুখাবাদ আৰু ইয়াৰ আশে-পাশে থকা জিলাত বৃহৎ পৰিসৰত আলুৰ খেতি কৰা হয় । আগ্ৰাৰ কথা ক’বলৈ গ’লে উত্তৰ প্ৰদেশৰ ২৭ শতাংশ আলু কেৱল আগ্ৰাতহে উৎপাদন হয় ।
লগতে পঢ়ক :ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ সৰ্বকালৰ উচ্চ স্তৰ স্পৰ্শ - Indias Foreign Exchange Reserves
আগ্ৰাৰ জলবায়ু আৰু মাটি আলু উৎপাদনৰ বাবে আটাইতকৈ উপযোগী । সেয়েহে আগ্ৰা আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহৰ কৃষকসকলে দীৰ্ঘদিন ধৰি আগ্ৰাত আন্তঃৰাষ্ট্ৰীয় আলু গৱেষণা কেন্দ্ৰ পেৰুৰ এটা শাখা খুলিবলৈ দাবী জনাইছিল ।
উত্তৰ প্ৰদেশত ৭ লাখ হেক্টৰ আৰু আগ্ৰাত ১.৬৫ লাখ হেক্টৰ মাটিত আলুৰ খেতি : উত্তৰ প্ৰদেশৰ কথা ক’বলৈ গ’লে ৰাজ্যৰ প্ৰায় ৭ লাখ হেক্টৰ মাটিত আলুৰ খেতি কৰা হয় । আলু উৎপাদনৰ ক্ষেত্ৰত আগৰণুৱা আগ্ৰাৰ খাণ্ডাউলী, শ্বামছাবাদ, এতমাদপুৰ, ফাতেহাবাদ আৰু কিৰাৱলী অঞ্চলত বৃহৎ পৰিসৰত আলুৰ খেতি কৰা হয় । জিলাখনৰ প্ৰায় ১.৬৫ লাখ হেক্টৰ মাটিত আলু উৎপাদন হয় ।
আগ্ৰাত বছৰি প্ৰায় ৫০ লাখ মেট্ৰিক টন আলু উৎপাদন হয় । ইয়াৰ বাবে প্ৰতি বছৰে ৭ লাখ মেট্ৰিক টন আলুৰ বীজৰ প্ৰয়োজন হয় । আলু খেতিয়কে আলু গৱেষণা কেন্দ্ৰৰ শাখাৰ পৰা উন্নত মানৰ বীজ লাভ কৰিব । য’ত আলু প্ৰক্ৰিয়াকৰণ আৰু চিপছ্ বনোৱা আলুৰ জাতসমূহো অন্তৰ্ভুক্ত কৰা হ’ব ।
এই বিষয়টো প্ৰধানমন্ত্ৰী মোদীৰ ওচৰলৈ গৈছিল : ২০২০ চনৰ ২৪ ডিচেম্বৰত আগ্ৰাৰ গাঁও ছিংগানাত পেৰুৰ আন্তঃৰাষ্ট্ৰীয় আলু গৱেষণা কেন্দ্ৰৰ এটা শাখা মুকলি কৰাৰ সন্দৰ্ভত কৃষকসকলে চৰকাৰলৈ এখন পত্ৰ লিখিছিল । ২০২৩ চনৰ ২ মে’ত আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰ পেৰুৰ প্ৰতিনিধি আৰু কৃষি আৰু কল্যাণ মন্ত্ৰালয়ৰ এজন বিষয়াই হৰ্নেট পৰিদৰ্শন কৰে ।
লগতে পঢ়ক :থলুৱা বিক্ৰেতাৰ বাবে ভাবুকি হৈ পৰিছে 10 মিনিটৰ Grocery Apps ! - 10 Minute Grocery Apps
পৰিদৰ্শন প্ৰতিবেদনত দলটোৱে কেন্দ্ৰটো স্থাপনৰ বাবে সন্মতি প্ৰকাশ কৰিছিল । এই সন্দৰ্ভত ফতেহপুৰৰ বিজেপি সাংসদ ছিক্ৰী ৰাজকুমাৰ চহৰে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ কৰে । মুখ্যমন্ত্ৰী যোগীয়ে আগ্ৰাত আলু গৱেষণা কেন্দ্ৰৰ এটা শাখা খোলাৰ বাবেও তীব্ৰ পোষকতা কৰিছিল ।
কৃষি মন্ত্ৰালয়লৈ হস্তান্তৰ কৰা ভূমি :আগ্ৰাৰ উদ্যান শস্যৰ উপ সঞ্চালক ড৹ ধৰ্মপাল যাদৱে কয় যে আগ্ৰাৰ আন্তঃৰাষ্ট্ৰীয় আলু গৱেষণা কেন্দ্ৰৰ শাখা ছিংগানা গাঁৱত মুকলি হ’ব । গৱেষণা আলু কেন্দ্ৰ আৰু বিজ্ঞানীৰ দলো ইয়াত উপস্থিত হৈছে । আলু গৱেষণা কেন্দ্ৰৰ শাখাৰ বাবে এই মাটি হস্তান্তৰ কৰা হৈছে । ইয়াত মন্ত্ৰালয় পৰ্যায়ত কাম কৰা হৈছে ।
আলুৰ বীজৰ খৰচ কম হ’ব, আয় বেছি হ’ব : আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডাঃ মহিন্দৰ সিং কাদিয়ানে জনোৱা মতে, পেৰুৰ লিমাত থকা মুখ্য কাৰ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰৰ আগ্ৰা শাখালৈ সৰ্বাধিক বীজাণু প্লাজমা অনা হ’ব । এই বীজাণু প্লাজমা অৰ্থাৎ নতুন জাতৰ আলুৰ পৰা কৃষক ভাইসকলে ভাল উৎপাদন পাব । ৬৫ দিনৰ ভিতৰত দেশত সাজু হ’ব আলু ।
ইয়াৰ লগে লগে কৃষকে কম সময়ত আলু শস্যৰ উন্নত মূল্য লাভ কৰিব । উপাৰ্জন বেছি হ’ব । ঔষধি গুণ থকা ৰঙীন আলুৰো উৎপাদন কৰা হ’ব আগ্ৰাত । আগ্ৰাত এটা উৎকৃষ্ট লেব নিৰ্মাণৰ লগে লগে আলুৰ গুটি প্ৰস্তুত কৰাৰ নতুন প্ৰযুক্তিৰ উন্মেষ ঘটিব । কাৰ আলুৰ বীজৰ খৰচো কম হ’ব । কিন্তু, আলু খেতিয়কৰ আয় অধিক হ’ব ৷
আগ্ৰাৰ আলুৱে চীনক পিচ পেলাব :বৰ্তমান আন্তৰ্জাতিক আলু কেন্দ্ৰৰ দক্ষিণ এছিয়াত কোনো গৱেষণা শাখা নাই । ইয়াৰ এটা কেন্দ্ৰ চীনত । ইয়াৰ ফলত চীন বিশ্বৰ সৰ্বাধিক আলু উৎপাদক আৰু ৰপ্তানিকাৰক দেশ হিচাপে পৰিগণিত হৈছে । কাৰণ, ইয়াত চীনৰ পৰিস্থিতিৰ লগত খাপ খুৱাই ৰপ্তানিযোগ্য আলুৰ প্ৰজাতি বিকশিত কৰা হয় ।
আগ্ৰাৰ পৰা আলু ৰপ্তানি :ডুবাই, কাটাৰ, মালয়েছিয়া, চৌদি আৰব, নেপাল, শ্ৰীলংকা, বাংলাদেশলৈ ৰপ্তানি কৰা হয় আগ্ৰাৰ আলু ।
লগতে পঢ়ক :অভিলেখ সংখ্যক মূল্য লাভ কৰি চমক সৃষ্টি 'সুখমল'ৰ - Assam tea