নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ : আজিৰ তাৰিখত আধাৰ কাৰ্ডৰ পিচতেই এক গুৰুত্বপূৰ্ণ নথি হৈছে পান কাৰ্ড ৷ বেংক একাউণ্ট খুলিবলৈ হওক বা বিনিয়োগৰ কাৰণে, বিত্তীয় লেনদেনৰ বাবে পান কাৰ্ড খুবেই দৰকাৰী ৷ কিন্তু যদি আপোনাৰ পান কাৰ্ড হেৰাই যায়, বেয়া হৈ যায় বা ৰং বেয়া হৈ পৰে তেতিয়াহ’লে সেয়া কামত নাহিবও পাৰে ৷ কিন্তু ইয়াক লৈ চিন্তিত নহ’ব ৷
আপুনি ঘৰত বহি মাত্ৰ 50 টকা খৰচ কৰি পুনৰ পান কাৰ্ড প্ৰিণ্ট আৰু অৰ্ডাৰ দিব পাৰে । ইয়াৰ বাবে, আপুনি নেশ্যনেল চিকিউৰিটিজ ডিপজিটৰী লিমিটেড অৰ্থাৎ এন.এছ.ডি.এল.ৰ ৱেবছাইটত লগ ইন কৰিব লাগিব আৰু প্ৰয়োজনীয় তথ্য পূৰণ কৰিব লাগিব । ইয়াৰ পিছত, অনলাইনযোগে নিৰ্ধাৰিত মাচুল দাখিল কৰিব লাগিব ।
- পান কাৰ্ড কি :
স্থায়ী একাউণ্ট নম্বৰ বা Permanent Account Number (পান) হৈছে 10-অংকৰ আলফানিউমেৰিক কোড যি প্ৰত্যেক ব্যক্তি/ প্ৰতিষ্ঠানৰ বাবে আবশ্যকীয় । ই এক ৰাষ্ট্ৰীয়কৃত পৰিচয় পত্ৰ । যিকোনো বিত্তীয় লেনদেন আৰু কাৰ্যকলাপৰ বাবে এই পৰিচয় পত্ৰৰ প্ৰয়োজন, যেনে কৰ পৰিশোধ আৰু আয়কৰ ৰিটাৰ্ণ দাখিল কৰা ।
কোনটো ৱেবছাইট লগ ইন কৰিব: https://www.onlineservices.nsdl.com/paam/ReprintEPan.html
পান কাৰ্ড পুনৰ মুদ্ৰণ অনুৰোধৰ বাবে এই তথ্য প্ৰয়োজনীয় :
- পান নম্বৰ
- আধাৰ নম্বৰ
- জন্ম মাহ
- জন্ম বৰ্ষ
- জিএছটিএন (বৈকল্পিক)
- পান কাৰ্ড পুনৰ মুদ্ৰণ অনুৰোধৰ সম্পূৰ্ণ প্ৰক্ৰিয়া: