নতুন দিল্লী:ভাৰত চৰকাৰে ২০১৮ চনত কম আয়ৰ গোটৰ লোকসকলক স্বাস্থ্যসেৱাৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদানৰ উদ্দেশ্যে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PMJAY) আৰম্ভ কৰিছিল । প্ৰতি বছৰে প্ৰতিটো পৰিয়ালত ৫ লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় সাঙুৰি লোৱা এই আঁচনিখনে মৌলিক স্বাস্থ্যসেৱা লাভৰ বাবে সংগ্ৰাম কৰি থকা লাখ লাখ অভাৱগ্ৰস্ত লোকৰ জীৱনৰেখা হিচাপে পৰিগণিত হৈছে । অসুস্থতাৰ ক্ষেত্ৰত হিতাধিকাৰীসকলে কেনেকৈ আঁচনিৰ সুবিধা লাভ কৰিব পাৰে জানো আহক ?
আয়ুষ্মান ভাৰতৰ সুবিধা লাভৰ পদক্ষেপ:
- পঞ্জীয়নভুক্ত চিকিৎসালয়লৈ যাওক:আপুনি চিকিৎসা গ্ৰহণ কৰা চিকিৎসালয়খন আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত অহাটো নিশ্চিত কৰক । চিকিৎসালয়খনৰ হেল্প ডেস্কত যোগাযোগ কৰি বা আয়ুষ্মান ভাৰতৰ অফিচিয়েল ৱেবছাইটত গৈ এই কথা নিশ্চিত কৰিব পাৰিব ।
- পৰিচয় পৰীক্ষণ:চিকিৎসালয়ৰ হেল্প ডেস্কত আপোনাৰ আয়ুষ্মান ভাৰত কাৰ্ড বা আনুষ্ঠানিকভাৱে জাৰি কৰা যিকোনো নথি দেখুৱাওক । কৰ্মচাৰীয়ে আপোনাৰ যোগ্যতা আৰু নথিপত্ৰ পৰীক্ষা কৰিব ।
- নগদবিহীন চিকিৎসা: আপোনাৰ চিকিৎসাৰ বাবে ৫ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা লাভ কৰিব পাৰিব । আপোনাৰ দাবী চিকিৎসালয় আৰু পৰিকল্পনা প্ৰশাসনে পোনপটীয়াকৈ প্ৰক্ৰিয়াকৰণ কৰিব ।
- অনলাইনযোগে যোগ্যতা পৰীক্ষা কৰক: তালিকাভুক্ত চিকিৎসালয়সমূহ বিচাৰিবলৈ বা আপোনাৰ যোগ্যতা পৰীক্ষা কৰিবলৈ আয়ুষ্মান ভাৰতৰ অফিচিয়েল ৱেবছাইট চাওক বা আঁচনিৰ হেল্পলাইনৰ সহায় লওক ।
উল্লেখ্য যে, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চিকিৎসা কেৱল আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত চিকিৎসালয়তহে উপলব্ধ । হিতাধিকাৰীসকলে তেওঁলোকৰ আয়ুষ্মান ভাৰত কাৰ্ড বা আনুষংগিক নথি-পত্ৰ আপডেট হোৱাটো নিশ্চিত কৰিব লাগে ।