অসম

assam

ETV Bharat / business

PAN কাৰ্ডৰো ম্যাদ উকলি যোৱাৰ তাৰিখ আছে নেকি ! আপুনি জানেনে ইয়াৰ উত্তৰ ?

পান কাৰ্ডৰ ম্যাদ উকলি যোৱাৰ তাৰিখ আছে নেকি? বেছিভাগ মানুহেই ইয়াৰ সঠিক উত্তৰটো নাজানে। এই বিষয়ে বিতংভাৱে জানো আহক।

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 3:24 PM IST

Validity of Pan Card
পান কাৰ্ড (প্ৰতীকাত্মক ছবি) (ETV Bharat)

নিউজ ডেস্ক, 14 অক্টোবৰ:বৰ্তমান সময়ত, পান কাৰ্ড হৈছে এক অতি গুৰুত্বপূৰ্ণ নথি। ইয়াক নেশ্যনেল ছিকিউৰিটিজ ডিপজিটৰী লিমিটেডে (এনএছডিএল) জাৰী কৰে। ইয়াত কিছুমান তথ্য যেনে আপোনাৰ নাম, জন্ম তাৰিখ আৰু এক অনন্য 10-অংকৰ নম্বৰ সন্নিবিষ্ট হৈ থাকে যি আপোনাক আপোনাৰ যিকোনো বিত্তীয় লেনদেনৰ হিচাপ ৰখাত সহায় কৰে। বেংক একাউণ্ট খোলাৰ পৰা আয়কৰ ৰিটাৰ্ণ দাখিল কৰালৈকে,সকলো ক্ষেত্ৰতে পান কাৰ্ড হৈছে এক অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় নথি।

কৰ ফাঁকি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো ইয়াক অতি উপযোগী বুলি গণ্য কৰা হয়। কিন্তু, আপোনাৰ পান কাৰ্ড কিমান দিনলৈ বৈধ বা ইয়াৰ ম্যাদ উকলি যোৱাৰ তাৰিখ কেতিয়া আপুনি বাৰু জানেনে? পান কাৰ্ডৰ ম্যাদ উকলি যোৱা তাৰিখো আছে নেকি? বেছিভাগ মানুহে উত্তৰটো নাজানে। আহক জানি লওঁ।

পান কাৰ্ডৰ ম্যাদ উকলি যোৱাৰ তাৰিখ:

পান কাৰ্ডৰ কোনো এক্সপায়ারি ডেট নাই অৰ্থাৎ, আপুনি পান কাৰ্ড এখন বনাই লোৱাৰ পিছত, ইয়াৰ বৈধতা আজীৱন থাকে। সেয়েহে, এবাৰ পান কাৰ্ডখন বনাই লোৱাৰ পিছত, ইয়াৰ ম্যাদ উকলি যোৱাৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। হয়, যদিহে আপোনাৰ পান কাৰ্ড হেৰাই যায় বা ক্ষতিগ্ৰস্ত হয়, তেনেহ’লে আপুনি ইয়াক পুনৰ বনাই ল’ব পাৰে। নেশ্যনেল ছিকিউৰিটিজ ডিপজিটৰী লিমিটেডে (এনএছডিএল) আপোনাক ডুপ্লিকেট পান কাৰ্ড এখন বনাই লোৱাৰ সুযোগ প্ৰদান কৰে।

এটাতকৈ অধিক পান কাৰ্ড থাকিব পাৰে নে?

আয়কৰ বিভাগৰ নিয়ম অনুসৰি, এজন ব্যক্তিৰ ওচৰত কেৱল এটা পান কাৰ্ড থাকিব লাগে। এটাতকৈ অধিক পেন কাৰ্ড থকাটো অবৈধ। ইয়াৰ বিৰুদ্ধে ব্যৱস্থাও লোৱা হ'ব পাৰে। আয়কৰ আইন 1961-ৰ ধাৰা 272বি অনুসৰি, এটাতকৈ অধিক পান কাৰ্ড থাকিলে 10,000 টকালৈকে জৰিমনা বা নিম্নতম 6 মাহৰ কাৰাদণ্ড বা দুয়োটা হ'ব পাৰে। যদি আপোনাৰ ভুলবশতঃ দুটা পেন কাৰ্ড আছে, সময়মতে এই ভুলটো সংশোধন কৰক আৰু এটা কাৰ্ড প্ৰত্যাহাৰ কৰক।

লগতে পঢ়ক: বিনা খৰচত ঘৰতে বহি 10 মিনিটত বনাব পাৰিব পান কাৰ্ড, শিকক কেনেকৈ - GET PAN CARD IN 10 Minutes

ABOUT THE AUTHOR

...view details