মুম্বাই:চৰকাৰে চিগাৰেট আৰু অন্যান্য ধপাতজাত সামগ্ৰীৰ ওপৰত পণ্য আৰু সেৱা কৰ (জি এছ টি) বৃদ্ধি কৰিব পাৰে । এই পৰিৱৰ্তন তেতিয়াহে হ'ব পাৰে যদি চৰকাৰে এই সামগ্ৰীবোৰৰ ওপৰত ক্ষতিপূৰণ উপকৰ আৰোপ কৰাটো বন্ধ কৰে । ইফালে এই বাতৰি প্ৰকাশৰ পিছতে বৃহস্পতিবাৰে ধপাতৰ ওপৰত শ্বেয়াৰ বজাৰৰ এক গুৰুত্বপূৰ্ণ অৱনমন দেখা গৈছে । ইকন'মিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, সামগ্ৰীবোৰৰ ওপৰত ক্ষতিপূৰণ উপকৰ আঁতৰোৱাৰ পিছত ইয়াক কাৰ্যকৰী কৰা হ'ব ।
বৰ্তমান চিগাৰেট আৰু অন্যান্য ধপাতজাত সামগ্ৰীৰ ওপৰত 28 শতাংশ জি এছ টিৰ উপৰি আন কেইবাটাও শুল্ক আৰোপ কৰা হয় । যাৰ ফলত মুঠ কৰ বোজা 53 শতাংশ হয় । প্ৰতিবেদন অনুসৰি, বৰ্তমান জি এছ টি বৃদ্ধি কৰি 40 শতাংশ কৰা হ'ব আৰু তাৰ ওপৰত আবকাৰী শুল্কও আৰোপ কৰা হ'ব ।
ইয়াৰ মুখ্য উদ্দেশ্য হৈছে ২০২৬ চনৰ মাৰ্চত ক্ষতিপূৰণ উপকৰ উঠাই লোৱাৰ পিছত যাতে ধপাতজাত সামগ্ৰীৰ পৰা কৰ ৰাজহ সংগ্ৰহ হ্ৰাস নহয় সেইটো নিশ্চিত কৰা । এই সন্দৰ্ভত বিষয়াসকলে ইকন'মিকছ টাইমছক জনায় যে চৰকাৰে বৰ্তমানৰ উপকৰৰ ঠাইত এক নতুন উপকৰ আৰোপ কৰিব বিচৰা নাই ।