অসম

assam

ETV Bharat / business

উৎসৱৰ বতৰত অত্যধিক মহঙা হ’ল সোণ, প্ৰথমবাৰৰ বাবে ৮০ হাজাৰ টকাৰ ঘৰ অতিক্ৰম, আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানি লওক

আকাশলংঘী হৈছে সোণৰ দাম । সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ দিশে গতি কৰিছে সোণৰ মূল্যই । আজিৰ দিনটোত ১০গ্ৰাম(২৪ কেৰেট) ইয়াৰ মূল্য প্ৰায় ৮১,৫০০ টকা ।

Gold and silver rate today check gold price in your city on 24th October 2024
সোণৰ মূল্য (Getty Image)

By ETV Bharat Assamese Team

Published : 5 hours ago

গুৱাহাটী :সোণ বাৰু কাৰ প্ৰিয় নহয় ৷ সোণৰ প্ৰতি বিশেষকৈ ভাৰতীয় মানুহৰ পূৰ্বৰে পৰা দুৰ্বলতা আছে । অৱশ্যে পুৰুষৰ তুলনাত মহিলাৰ আছে সোণৰ প্ৰতি বেছি দুৰ্বলতা ৷ নিজকে সজাই-পৰাই তুলিবলৈ মহিলাসকলে নানান সোণৰ আ-অলংকাৰ পৰিধান কৰা দেখা যায় ৷

উৎসৱৰ বতৰত সোণৰ গহনাৰ চাহিদা অত্যধিক হয় । সোণৰ আ-অলংকাৰ কেৱল গহনা হিচাপে ব্যৱহাৰ কৰাই নহয়, বৰঞ্চ ইয়াক সঞ্চয় তথা সম্পদ হিচাপেও ব্যৱহাৰ কৰা হয় । পিছে আপুনি বাৰু জ্ঞাতনে, শেহতীয়াকৈ সোণৰ দাম কিমান হৈছে ?

সোণ-ৰূপৰ মূল্যবৃদ্ধি :

ধনতেৰাছত সৰুকৈ হ’লেও যদি সোণৰ সামগ্ৰী ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে বা বিয়াৰ বাবে সোণ ক্ৰয় কৰিম বুলি ভাবিছে, তেন্তে আপোনাৰ বাবে আছে এটা বেয়া খবৰ । ধনতেৰচৰ তথা বিয়াৰ বতৰৰ পূৰ্বে এতিয়া হোৰা-হোৰে বৃদ্ধি পাইছে সোণৰ মূল্য ।

সোণ-ৰূপৰ দাম :

শেহতীয়াকৈ লাভ কৰা তথ্য মতে, আজিৰ দিনটোত ১০ গ্ৰাম (২৪ কেৰেট) সোণৰ মূল্য হৈছে গৈ প্ৰায় ৮১,৫০০ টকা । আনহাতে ২২ কেৰেট সোণৰ মূল্য আজিৰ দিনটোত ৭৬,৪৯০ হাজাৰ টকা । সমান্তৰালভাৱে বৃদ্ধি পাইছে ৰূপৰ মূল্যও । আজিৰ দিনটোত ১ কেজি ৰূপৰ মূল্য ১ লাখ ৫ হাজাৰ টকা । পূৰ্বে এই মূল্য আছিল ৭৪ হাজাৰ টকা ।

ধনতেৰচত সোণ-ৰূপৰ দাম কিমান হ’ব পাৰে ?

সোণৰ এই মূল্য বৃদ্ধিৰ সন্দৰ্ভত অসম স্বৰ্ণ শিল্পী সমাজৰ, কামৰূপ জিলাৰ উপদেষ্টা চাজিদ আলম চৌধুৰী আৰু সম্পাদক নয়ন ধৰে জনোৱা অনুসৰি, বিগত দুসপ্তাহ ধৰি দৈনিক প্ৰতি ঘণ্টাত ৫০ ৰ পৰা ৫০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে সোণৰ মূল্য ।

যদিহে এই ধৰা অব্যাহত থাকে, তেন্তে ধনতেৰচৰ সময়লৈকে ১০ গ্ৰাম (২৪ কেৰেট) সোণৰ মূল্যই চুবগৈ প্ৰায় ৯০ হাজাৰ টকাৰ ঘৰ । যি কথাই এতিয়া চিন্তিত কৰিছে সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি স্বৰ্ণ ব্যৱসায়ীসকলক । ধনতেৰচৰ পূৰ্বে সোণৰ এই মূল্যবৃদ্ধিৰ বাবে এতিয়া পূৰ্বৰ তুলনাত বজাৰ বেয়া হোৱাৰো আশংকা প্ৰকাশ কৰিছে স্বৰ্ণ শিল্পী সমাজে ।

উল্লেখ্য যে, বিগত বৰ্ষৰ তুলনাত এই বৰ্ষ ১৫ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি পাইছে সোণৰ মূল্য । বিগত বৰ্ষত ধনতেৰচৰ সময়চোৱাত ১০ গ্ৰাম (২৪ কেৰেট) সোণৰ মূল্য আছিল প্ৰায় ৬৪ হাজাৰ টকা । আনহাতে ২২ কেৰেট সোণৰ মূল্য আছিল প্ৰায় ৬১ হাজাৰ টকা ।

কোন চহৰত ১০ গ্ৰাম সোণৰ দাম কিমান, তলৰ তালিকাত উল্লেখ কৰা হ’ল -

চহৰ ২২ কেৰেট সোণৰ দাম ২৪ কেৰেট সোণৰ দাম
গুৱাহাটী ৭৩,৪০০ ৭৮,৮৬০
দিল্লী ৭৩,৫৫০ ৮০,২২০
মুম্বাই ৭৩,৪০০ ৮০,০৭০
আহমেদাবাদ ৭৩,৪৫০ ৮০,১২০
চেন্নাই ৭৩,৪০০ ৮০,০৭০
কলকাতা ৭৩,৪০০ ৮০,০৭০
পুণে ৭৩,৪০০ ৮০,০৭০
লক্ষ্নৌ ৭৩,৫৫০ ৮০,২২০
বেংগালুৰু ৭৩,৪০০ ৮০,০৭০
জয়পুৰ ৭৩,৫৫০ ৮০,২২০
পাটনা ৭৩,৪৫০ ৮০,১২০
ভুৱনেশ্বৰ ৭৩,৪০০ ৮০,০৭০
হায়দৰাবাদ ৭৩,৪০০ ৮০,০৭০
লগতে পঢ়ক :৩১ অক্টোবৰ নে ১ নৱেম্বৰ ? কেতিয়া পালন হ'ব দীপাৱলী

ABOUT THE AUTHOR

...view details