অসম

assam

ETV Bharat / business

সস্তা নে মহঙা; আপোনাৰ চহৰত বৰ্তমান সোণ-ৰূপৰ মূল্য কিমান ? - GOLD AND SILVER

সোমবাৰৰ দিনটোত আপোনাৰ প্ৰিয় চহৰখনত সোণ-ৰূপৰ মূল্য কিমান জানেনে ?

Gold and Silver price in your city on 25th November 2024
সোণ এক অমূল্য সম্পদ (Getty Image)

By ETV Bharat Business Team

Published : Nov 25, 2024, 11:11 AM IST

হায়দৰাবাদ : সোণ এক অমূল্য সম্পদ ৷ মহিলাই হওক বা পুৰুষেই হওক প্ৰতিজন ব্যক্তিৰে সোণৰ প্ৰতি আছে দুৰ্বলতা ৷ বিয়াৰ বা উৎসৱৰ বতৰত সোণ–ৰূপৰ মূল্যৰ ভিন্নতা দেখা যায় । সোণৰ মূল্য প্ৰধানকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ স্থিৰতা, আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আৰু বহুকেইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ৷

সহজ অৰ্থত ক’বলৈ গ’লে ভাৰতৰ প্ৰতিখন ৰাজ্যতে সোণৰ মূল্য বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায় ৷ কেতবোৰ কাৰণ যেনে- কৰ, পৰিবহণ ব্যয়, স্থানীয় চাহিদা আৰু চৰকাৰৰ নিয়মৰ বাবে এই মূল্য বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায় ৷

এতিয়া যাওঁ ব’লক সোণ-ৰূপৰ বজাৰৰ দিশে ৷ যদিহে আপুনি সোণ-ৰূপ ক্ৰয় কৰিম বুলি ভাবিছে, তেন্তে এই সম্পদবিধ ক্ৰয় কৰাৰ আগতে ইয়াৰ মূল্যৰ বিষয়ে জনাটো অতি প্ৰয়োজন ৷

25 নৱেম্বৰত ভাৰতত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য আছিল প্ৰায় 77 হাজাৰ টকা । উচ্চ বিশুদ্ধতাৰ বাবে বিখ্যাত 24 কেৰেট সোণৰ মূল্য প্ৰতি 10 গ্ৰামত 79,630 টকা । একে সময়তে মিশ্ৰণেৰে নিৰ্মিত হোৱাৰ বাবে গহনাৰ বাবে পছন্দ কৰা 22 কেৰেট সোণৰ দাম প্ৰতি 10 গ্ৰামত 72,990 টকা ।

আনহাতে, আজিৰ দিনটোত প্ৰতি কেজি ৰূপৰ মূল্য 91,900 টকা ।

পিছে আপুনি বাৰু জানেনে আজিৰ দিনটোত আপোনাৰ চহৰখনত সোণৰ দাম কিমান হৈছে ৷ তলত এক তালিকাৰ জৰিয়তে প্ৰতিখন চহৰত সোণৰ মূল্য কিমান উল্লেখ কৰা হ’ল -

চহৰ 22 কেৰেট সোণৰ মূল্য 24 কেৰেট সোণৰ মূল্য
গুৱাহাটী (অসম) 72000 78550
দিল্লী 73,140 79,780
মুম্বাই 72,990 79,630
আহমেদাবাদ 73,040 79,680
চেন্নাই 72,990 79,630
কলকাতা 72,990 79,630
পুণে 72,990 79,630
লক্ষ্ণৌ 73,140 79,780
বেংগালুৰু 72,990 79,630
জয়পুৰ 73,140 79,780
পাটনা 73,040 79,680
হায়দৰাবাদ 72,990 79,630

লগতে পঢ়ক :BSNLৰ গ্ৰহকৰ বাবে মাত্ৰ ২০১ টকাত ৯০ দিনৰ বৈধতাৰে Data ৰ সুবিধা প্ৰদান

ABOUT THE AUTHOR

...view details