মুম্বাই: নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংকৰ গ্ৰাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই গ্ৰাহকসকলে এতিয়া বেংকৰ পৰা তেওঁলোকৰ জমা কৰা ধন উলিয়াব নোৱাৰিব । উল্লেখ্য় যে শেহতীয়াকৈ নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংকে লোকচানৰ সন্মুখীন হোৱা বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই বেংকটোৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে । ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে জমাকাৰীসকলে ধন উলিওৱাৰ ওপৰত প্ৰতিবন্ধকতা । ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংকৰ কাৰ্যকলাপৰ ওপৰত নিষেধাজ্ঞা 13 ফেব্ৰুৱাৰীৰ পৰা পৰৱৰ্তী ছয় মাহৰ বাবে কাৰ্যকৰী হ'ব।
আৰ বি আইৰ বিবৃতি অনুসৰি বেংকৰৰ বৰ্তমানৰ নগদ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, জমাকাৰীৰ সঞ্চয় বা চলিত একাউণ্ট বা আন কোনো একাউণ্টৰ পৰা কোনো পৰিমাণ উলিওৱাৰ অনুমতি নিদিবলৈ নিৰ্দেশনা দিয়া হৈছে । মুম্বাইস্থিত এই বেংকৰ 1.3 লাখ জমাকাৰীৰ 90 শতাংশতকৈও অধিক লোকৰ 5 লাখ টকালৈকে জমা আছে । উল্লেখ্য় যে এই বেংকটোৰ 28 টা শাখাৰ বেছিভাগ মুম্বাই মহানগৰীয় অঞ্চলত অৱস্থিত । দুটা শাখা গুজৰাটৰ চুৰাটত আছে আৰু এটা শাখা আছে পুনেত ।
গোচৰটোত দ্ৰুত পদক্ষেপ :
উল্লেখ্য় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে নিউ ইণ্ডিয়া কো-অপাৰেটিভ বেংকৰ একাউণ্টত কিছু অনিয়ম প্ৰত্য়ক্ষ কৰাৰ পিচতেই এই নিষেধাজ্ঞা আৰোপ কৰিছে । যোৱা শুক্ৰবাৰে আৰ বি আইয়ে বেংকৰ বোৰ্ডখন এবছৰৰ বাবে ভংগ কৰে আৰু ইয়াৰ কাৰ্যকলাপ পৰিচালনা কৰিবলৈ এজন প্ৰশাসক নিযুক্ত কৰে । প্ৰশাসকক সহায় কৰিবলৈ পৰামৰ্শদাতাৰ এখন সমিতিও নিয়োগ কৰা হৈছে ।