অসম

assam

ETV Bharat / bharat

তুষাৰপাতৰ ফলত কেদাৰনাথ যাত্ৰাৰ প্ৰস্তুতি বাধাগ্ৰস্ত - Kedarnath yatra

Snowfall in Kedarnath : চাৰিধাম যাত্ৰাৰ প্ৰস্তুতি বৰ্তমান অন্তিম পৰ্যায়ত ৷ কিন্তু পৰিৱৰ্তিত বতৰে কেদাৰনাথ ধাম যাত্ৰাৰ প্ৰস্তুতিত জন্মাইছে ব্যাঘাত । আনকি মে’ মাহৰো প্ৰথমটো আবেলিত কেদাৰনাথ ধামত তুষাৰপাত হৈছে । যাৰ বাবে শ্ৰমিকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে ।

তুষাৰপাতৰ ফলত কেদাৰনাথ যাত্ৰাৰ প্ৰস্তুতি বাধাগ্ৰস্ত
তুষাৰপাতৰ ফলত কেদাৰনাথ যাত্ৰাৰ প্ৰস্তুতি বাধাগ্ৰস্ত

By ETV Bharat Assamese Team

Published : May 2, 2024, 3:16 PM IST

নেশ্যনেল ডেস্ক, ২ মে' :প্ৰকৃতিৰ ৰোষত পৰিছে এতিয়া পৃথিৱী । খেয়ালী প্ৰকৃতিৰ খেয়ালী মনৰ বাবেই যেন জলবায়ুৰ অস্বাভাৱিক তাৰতম্যই দেখা দিছে । যাৰ বাবে এফালে সমভূমি অঞ্চলত গৰমে মানুহৰ অৱস্থা তথৈবচ কৰিছে, আনহাতে মে' মাহতো কেদাৰনাথৰ দৰে স্থানত তুষাৰপাত অব্যাহত আছে । যাৰ ফলত কেদাৰনাথ ধামলৈ চলোৱা যাত্ৰাৰ প্ৰস্তুতি বাধাগ্ৰস্ত হৈছে ।

উল্লেখ্য যে, কেদাৰনাথ ধামৰ দুৱাৰ ১০ মে'ৰ পুৱা ৭.১৫ বজাত মুকলি কৰা হ'ব । কেদাৰনাথ ধামৰ দুৱাৰ মুকলি হ'বৰ বাবে এতিয়া মাজত মাত্ৰ সাত দিন বাকী আছে । প্ৰশাসনিক কৰ্মচাৰীসকলে যাত্ৰাৰ প্ৰস্তুতিত নিয়োজিত হৈ আছে ।

প্ৰথম পৰ্যায়ত হিমবাহ মোকোলাই পথটো চলাচলৰ উপযোগী কৰি তোলা হৈছে । একে সময়তে, পথচাৰীয়ে ব্যৱহাৰ কৰিবলগা পথত বিভিন্ন প্ৰকাৰৰ কাম আৰু ৰং আদি দিয়াৰো ব্যৱস্থা কৰা হৈছে । ইয়াৰ লগে লগে চাৰিধামত দ্বিতীয় পৰ্যায়ৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে ।

উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহত তুষাৰপাতৰ বাবে পুনৰ নিৰ্মাণৰ কাম বন্ধ কৰা হৈছিল । কিন্তু বৰ্তমানো কেদাৰনাথ ধাম যাত্ৰাৰ প্ৰস্তুতিত বতৰ আটাইতকৈ ডাঙৰ বাধা হৈ পৰিছে ।

আনকি মে' মাহৰ দৰে গৰমৰ মাহতো কেদাৰনাথ ধামত আবেলি বৰফ পৰিছে । তুষাৰপাতৰ ফলত কামত ব্যাঘাত জন্মিছে, যাৰ ফলত ভ্ৰমণৰ প্ৰস্তুতিত সমস্যা হৈছে । ৰুদ্ৰপ্ৰয়াগৰ জিলা আয়ুক্ত সৌৰভ গাহাৰৱাৰে এই সন্দৰ্ভত কয় যে কেদাৰনাথ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । তাতো তুষাৰপাত হৈছে, কিন্তু তথাপিও যাত্ৰাৰ বাবে প্ৰস্তুতি চলি আছে । দুৱাৰ মুকলি হোৱাৰ পূৰ্বে ধামৰ সকলো ব্যৱস্থা মেৰামতি কৰা হ'ব ।

উল্লেখ্য যে গংগোত্ৰী-যমুনোত্ৰী আৰু কেদাৰনাথ ধামৰ প’ৰ্টেল মুকলি কৰাৰ লগে লগে চলিত বৰ্ষৰ ১০ মে'ত চাৰিধাম যাত্ৰা আৰম্ভ হ'ব । বদ্ৰীনাথ ধামৰ দুৱাৰ ১২ মে'ত মুকলি কৰা হ'ব ।

লগতে পঢ়ক :প্ৰতিকূল বতৰৰ বাবে ডিমা হাছাওত বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান - Heavy Storm In Dima Hasao

ABOUT THE AUTHOR

...view details