গুৱাহাটী, 8 জুন : অৰুণাচল প্ৰদেশৰ চীন অধিকৃত তিব্বত সীমান্তৰ আৰু সামৰিক দৃষ্টিকোণৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ বুলি পৰিগণিত হৈ অহা উত্তৰ পূৰ্বাঞ্চলৰ চুইজাৰলেণ্ড স্বৰূপ মেচুকাসহ তিব্বত সীমান্তৰ (বৰ্তমান চীন অধিকৃত) প্ৰতিটো অঞ্চললৈ সামৰিক-অসামৰিক সকলো বাহন যাতে সুচলভাবে চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ'য়ে ।
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড বা চমুকৈ এন এইচ আই ডি চি এল আৰু বি আৰ অ'য়ে অসমৰ শোণিতপুৰ জিলাৰ ভালুকপুঙৰ পৰা টাৱাং সংযোগী পথৰ ব’মডিলাৰ পৰা ম্যানমাৰ- তিব্বত সীমান্তৱৰ্তী বিজয়নগৰলৈ নিৰ্মাণ কৰিব 1748 কিলোমিটাৰ দৈৰ্ঘৰ অৰুণাচল ফ্ৰন্টিয়াৰ হাইৱে । প্ৰস্তাৱিত পথটোত সকলো বতৰতে যাতে যিকোনো যান-বাহন সুচলভাৱে চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ উচ্চ প্রযুক্তি আৰু কাৰিকৰী প্ৰযুক্তি ব্যৱহাৰ কৰিব বি আৰ অ'য়ে ।
বি আৰ অ'ৰ অৰুণাচল প্ৰদেশৰ পূৱ ছিয়াং জিলাৰ সদৰ পাছিঘাটস্থিত ব্রহ্মাংক প্ৰকল্পৰ মুখ্য অভিযন্তা অজয় কুমাৰ মিশ্ৰই' জানিবলৈ দিয়া মতে পথটো নিৰ্মাণ কৰাৰ বাবে প্ৰাৰম্ভিক কাম-কাজসমূহ আৰম্ভ কৰা হৈছে । অতিশয় দুৰ্গম অঞ্চলৰে পথটো নিৰ্মাণ কৰিবলগীয়া হোৱা বাবে পথটো নিৰ্মাণ কৰোতে যাতে প্ৰাকৃতিক ভাৰসাম্য ধ্বংস নহয় সেইক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ।
সমান্তৰালভাৱে ভাৰত চৰকাৰে চীনৰ যিকোনো ভাবুকিৰ মোকাবিলা কৰাৰ বাবে পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে সামৰিক দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ ব’মডিলাৰ সমীপৰ পৰা চীন অধিকৃত তিব্বত সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল অ’ চি)ৰ কাষে কাষে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলৰ যাতায়াত ব্যৱস্থাক সামৰি ল’ব পৰাকৈ ফ্ৰন্টিয়াৰ হাইৱে নামৰে সকলো বতৰতে চলাচল কৰিব পৰাকৈ এটা দুইলেনযুক্ত পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজখিনি আৰম্ভ কৰা হৈছে ।
পথটো 2027 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে । পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লে অৰুণাচল প্ৰদেশৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনলৈ অভূতপূৰ্ব পৰিৱৰ্তন অহাটো নিশ্চিত হোৱাৰ লগতে একে সময়তে অসমো প্ৰভূত পৰিমাণে লাভৱান হ’ব বুলি আশা কৰা হৈছে । ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনত নিৰ্মাণ হ’বলগীয়া পথটোৰ 200 কিলোমিটাৰ দৈৰ্ঘৰ অংশ ব্ৰহ্মাংক প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হ’ব । এই সম্পৰ্কীয় জৰীপ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে ।