নেশ্যনেল ডেস্ক, 24 জুলাই:বৰ্তমানৰ সময়ত দেশত যে কি কি নঘটে ৷ অপৰাধীৰ অপৰাধ সংঘটিত কৰাৰ কৌশল সলনি হোৱাৰ ধৰণে চকু কপালত তুলিব আপোনাৰ ৷ বন্ধুৰ সহযোগত এনে এক আচৰিত ঘটনা সংঘটিত কৰিছে এজন ব্যক্তিয়ে ৷ অবৈধভাৱে গৰ্ভপাত কৰিবলৈ গৈ মৃত্যুমুখত পৰা এগৰাকী মহিলাৰ মৃতদেহ নদীলৈ দলিয়াই দিয়াৰ ঘটনা সংঘটিত হৈছে এইখন দেশতে ৷ মাত্ৰ এই কাণ্ডতে ক্ষান্ত নাথাকি দুই সন্তানকো নদীলৈ দলিয়াই পেলাই ব্যক্তিজনে ৷
এই কাণ্ড পোহৰলৈ অহাৰ পিচতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত দুজনক ৷ তদুপৰি এগৰাকী চিকিৎসকৰ বিৰুদ্ধে অপৰাধমূলক নৰহত্যাৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ যিগৰাকী চিকিৎসকৰ হস্তক্ষেপত মহিলাগৰাকীয়ে গৰ্ভপাত কৰিবলৈ চিকিৎসালয়লৈ গৈছিল ৷
আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, স্বামীৰ পৰা আঁতৰি বেলেগে থাকিবলৈ লোৱা সদ্যপ্ৰয়াত মহিলাগৰাকীয়ে স্বামীৰে এগৰাকী বন্ধুৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপনৰ ফলত গৰ্ভৱতী হৈছিল ৷ পৰৱৰ্তী সময়ত স্বামীয়ে এই কথা জানিব পৰাত মহিলাগৰাকীক গৰ্ভপাত কৰাবলৈ হেঁচা প্ৰয়োগ কৰে ৷ কিন্তু দুৰ্ভাগ্যবশতঃ গৰ্ভপাতৰ সময়তে মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি লয় ৷ মহিলাগৰাকীৰ মৃত্যুৰ পিচত চিকিৎসকে কোনো আইনী প্ৰক্ৰিয়া অবিহনে মৃতদেহটো চমজাই দিছিল স্বামীক ৷
এই সকলো প্ৰক্ৰিয়া গোপনে চলা বুলি পৰৱৰ্তী সময়ত পোহৰলৈ আহে ৷ মহিলাগৰাকীৰ মৃত্যুৰ পিচত স্বামীয়ে মৃতদেহটো নিজৰ বাহনতে আনি আদবাটতে থকা এখন নৈত দলিয়াই পেলাই দিয়ে ৷ পিতৃৰ এই কাণ্ড দেখি কণ কণ দুই সন্তানে মাতৃক বিচাৰি হাহাকাৰ কৰি উঠে ৷ পিছে সন্তানৰ এই আৰ্তনাদকো নেওচা দি পিতৃয়ে দুই সন্তানকো নদীলৈ দলিয়াই দিয়ে ৷