অসম

assam

ETV Bharat / bharat

বাছতে জন্ম দিলে সন্তান, মহিলা কণ্ডাক্টৰৰ মানৱতা - RTC Bus - RTC BUS

ঘটনাটো হায়দৰাবাদৰ ৷ আৰ টি চি বাছৰ কণ্ডাক্টৰে ক্ষীপ্ৰতাৰে এগৰাকী গৰ্ভৱতী মহিলাক বাছতে সন্তান প্ৰসৱ কৰাত সহায় কৰে । জন্মৰ পিচত মাতৃ আৰু কন্যা দুয়োৰে স্বাস্থ্য ভাল বুলি জানিব পৰা গৈছে আৰু কণ্ডাক্টৰগৰাকীয়ে তেওঁৰ দয়ালু সঁহাৰিৰ বাবে প্ৰশংসা লাভ কৰিছে।

WOMAN DELIVERS BABY ON RTC BUS
গৰ্ভৱতী মহিলাক বাছতে সন্তান প্ৰসৱ কৰাত সহায় কৰিলে বাছ কণ্ডাক্টৰে (ETV BHARAT)

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 10:50 PM IST

নেশ্যনেল ডেস্ক, 5 জুলাই : এগৰাকী আৰ টি চি মহিলা কণ্ডাক্টৰ আৰু মহিলা যাত্ৰীয়ে হায়দৰাবাদৰ এখন আৰ টি চি বাছত এগৰাকী গৰ্ভৱতী মহিলাক সন্তান জন্ম দিয়াত সহায় কৰি চৰ্চালৈ আহিছে ৷ মুচিৰাবাদ ডিপোৰ কণ্ডাক্টৰ সৰোজা আৰু মহিলা যাত্ৰীসকলে হায়দৰাবাদৰ বাহাদুৰপুৰাত এখন টি জি এছ আৰ টি চি বাছত প্ৰসৱ বেদনাত ভুগি থকা এগৰাকী গৰ্ভৱতী মহিলাক সন্তান প্ৰসৱ কৰাত সহায় কৰে ৷

শুকুৰবাৰে পুৱা এগৰাকী গৰ্ভৱতী মহিলাই আৰামগৰৰ মুচিৰাবাদ ডিপোৰ 1জেড পথৰ বাছখনত উঠিছিল ৷ যেতিয়া আৰ টি চি বাছখন বাহাদুৰপুৰাত উপস্থিত হৈছিল, মহিলাগৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল ৷

কণ্ডাক্টৰ আৰ সৰোজাই বিষয়টো লক্ষ্য কৰি লগে লগে সতৰ্ক হৈ পৰে ৷ বাছখনৰ মহিলা কণ্ডাক্টৰগৰাকী মহিলা যাত্ৰীসকলৰ সহায়ত স্বাভাৱিকভাৱে সন্তান জন্ম দিয়ে গৰ্ভৱতী মহিলাগৰাকীয়ে ৷ তেওঁ এটি সুস্থ-সবল কন্যা সন্তান জন্ম দিয়ে ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেওঁক ওচৰৰ চৰকাৰী প্ৰসূতি চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ৷ সতৰ্কতা আৰু সময়মতে সঁহাৰি দিয়াৰ বাবে মাতৃ আৰু শিশু দুয়ো বৰ্তমান সুৰক্ষিত ৷

তেলেংগানাৰ পৰিবহণ মন্ত্ৰী পোন্নাম প্ৰভাকৰে এই ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ তেওঁ প্ৰশংসা কৰিছে যে সময়মতে চিকিৎসা কৰাৰ বাবে মাতৃ আৰু শিশু দুয়ো সুৰক্ষিত আছে ৷ চিকিৎসা বিষয়াসকলক মাতৃ আৰু সন্তানক সঠিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰে ৷

আনহাতে, টি জি এছ আৰ টি চিৰ পৰিচালন সঞ্চালক সজ্জনাৰেও "এক্স"ত এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ মহিলা কণ্ডাক্টৰগৰাকীয়ে দেখুওৱা মানৱতাৰ বাবে তেওঁক প্ৰশংসা কৰে ৷

ভি চি সজ্জনাৰে এক্সত লিখে- "আৰ টি চি কণ্ডাক্টৰে টি জি এছ আৰ টি চি বাছত প্ৰসৱ বেদনাত ভুগি থকা এগৰাকী গৰ্ভৱতী মহিলাক সহায় কৰিছিল আৰু মানৱতা দেখুৱাইছিল ৷ এইটো দেখি, কণ্ডাক্টৰ আৰ সৰোজা সতৰ্ক হৈছিল আৰু মহিলা যাত্ৰীৰ সহায়ত এটি কন্যা সন্তান জন্ম দিছিল ৷ তেওঁলোক সকলোকে মোৰ অভিনন্দন ৷"

লগতে পঢ়ক :তেলেংগানাৰ শনিগাৰাম গাঁৱৰ পৰা ব্ৰিটিছ ৰাজনীতিলৈ উদয় নাগাৰাজুৰ যাত্ৰা - UK General Elections 2024

ABOUT THE AUTHOR

...view details