নিউজ ডেস্ক, ১৭ ছেপ্টেম্বৰ :দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশ মাৰ্লেনা । আজি এখন বৈঠকৰ অন্তত আপৰ বিধায়িনী দলে দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আতিশী মাৰ্লেনাৰ নাম ঘোষণা কৰে । বৰ্তমান আতিশ দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী ।
আতিশী মাৰ্লেনা কোন : আম আদমী পাৰ্টীৰ অন্যতম সদস্য আতিশীক দিল্লীৰ শিক্ষা সংস্কাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে জনা যায় । তেওঁৰ সম্পূৰ্ণ নাম আতিশ মাৰ্লেনা সিং । ১৯৮১ চনৰ ৮ জুনত দিল্লী বিশ্ববিদ্যালয় (ডি ইউ)ৰ অধ্যাপক বিজয় সিং আৰু তৃপ্তা ৱাহীৰ ঘৰত জন্মগ্ৰহণ কৰা আতিশীয়ে দিল্লীতে স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা সমাপ্ত কৰে ।
২০০১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইতিহাস শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ।
আতিশীৰ ৰাজনৈতিক যাত্ৰা : ২০১৩ চনত আম আদমী পাৰ্টীত যোগদান কৰি আতিশীয়ে দলৰ নীতি-নিৰ্ধাৰণৰ কামত জড়িত হৈ পৰে । দিল্লীত শিক্ষা সংস্কাৰৰ নেতৃত্ব দিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ২০১৫ চনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে তেওঁক উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ ছিছ’দিয়াৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়ে ।
কিন্তু ২০১৮ চনত তেওঁক উক্ত পদৰ পৰা অপসাৰণ কৰা হয়, যাৰ বাবে তেওঁ চৰ্চালৈ আহে ৷ আতিশীৰ নিযুক্তি বাতিল কৰাক লৈ আপ আৰু ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত উত্তেজনাৰ সৃষ্টি হয় ।