থুথুকুড়ি (তামিলনাডু) :2006 চনত তিৰুচেন্দুৰ মন্দিৰলৈ দুটা নতুন পোৱালি হাতী অনা হৈছিল । কুমাৰন আৰু দেইভানাই নামৰ হাতী দুটাৰ বয়স আছিল ক্ৰমান্বয়ে ৩ আৰু ৬ বছৰ । "কনিষ্ঠ হাতী কুমাৰন অতি সক্ৰিয় আছিল । ইফালে সিফালে ঘূৰি ফুৰিছিল আৰু ভৰিত বান্ধি থোৱা চেইন টানি আছিল । দেইভানাই বান্ধি থোৱা ঠাইৰ পৰা লৰচৰ কৰা নাছিল । কিন্তু তাইৰ চাৱনিৰ এটা অদ্ভুত চৰিত্ৰ আছিল ।" সেই বছৰ তিৰুচেন্দুৰত থকা ই টিভি ভাৰতৰ শংকৰ নাৰায়ণনে কয় ।
প্ৰায় 20 বছৰৰ পিছত আমি একেটা হাতীৰ প্ৰতি এক বেলেগ দৃষ্টিভংগী লৈছোঁ । তিৰুচেন্দুৰৰ মুৰুগান মন্দিৰৰ ৰাজগোপুৰমৰ ওচৰৰ হাতীৰ গড়ালত সোমবাৰে (১৮ নৱেম্বৰ, ২০২৪) আবেলি বন্দী কৰি ৰখা দৃশ্যটো অতি হৃদয় বিদাৰক আছিল । মুৰুগান মন্দিৰৰ হাতী দেইভানাইক গড়ালত বান্ধি বন্দী কৰি থোৱা হৈছে ।
দুজন লোকে শুঁৰডাল জোকাৰি থকা হাতীটোক লৰচৰ কৰি তাৰ ভৰিৰ তলৰ পৰা মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে । এজন মাউতে হাতীটোক কিবা আদেশ দি আছে আৰু আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছে । নিজৰ ভাষাত হাতীটোৰ সৈতে কথা কোৱা মাউতজনে কান্দি কান্দি হাতীটোক শান্ত কৰিবলৈ চেষ্টা কৰিছে । অৱশেষত মৃতদেহকেইটা উদ্ধাৰ কৰা হয় ।
হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোককেইজনৰ ভিতৰত এজন আছিল তাৰ মাউত উদয় কুমাৰ (৪৬) আৰু আনজন আছিল তেওঁৰ আত্মীয় শিশুবালন । তেওঁ উদয় কুমাৰক চাবলৈ আহিছিল । তেলেংগানা চৰকাৰৰ হিন্দু ধৰ্মীয় আৰু বন্দোৱস্তি বিভাগৰ মতে, তিৰুচেন্দুৰ মুৰুগান মন্দিৰত দেইভানাই নামৰ এটা 25 বছৰীয়া হাতীৰ যত্ন লোৱা হৈছে । ইয়াৰ মাউতসকল হৈছে উদয় কুমাৰ (৪৭), চেন্থিল কুমাৰ (৪৬) আৰু ৰাধাকৃষ্ণণ (৫৭) । উদয় কুমাৰ আৰু চেন্থিল কুমাৰ দুয়ো ভাতৃ আৰু ৰাধাকৃষ্ণন তেওঁলোকৰ মোমায়েক ।
ঘটনা সন্দৰ্ভত মাউতসকলৰ আত্মীয়ক সোধাত তেওঁলোকে কয় যে মৃত শিশুবালন এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱান আৰু মাউতসকলৰ আত্মীয় আছিল । তেওঁৰ পিতৃও এজন মাউত আছিল । কিন্তু শিশুবালনে মাউত হ'ব বিচাৰিছিল যদিও সেনাৰ পৰা অৱসৰ লোৱাৰ সময়ত মাউত হোৱাৰ বয়স তেওঁৰ নাছিল বুলি আত্মীয়সকলে কয় ।
আনহাতে, ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীৰ মতে, হাতীটোৱে প্ৰথমে হাতীৰ বেষ্টনীৰ ভিতৰত থকা শিশুবালনক আক্ৰমণ কৰিছিল । ফলস্বৰূপে তেওঁক বচাবলৈ চেষ্টা কৰি থকা উদয় কুমাৰকো ইয়াৰ পিচত আক্ৰমণ কৰে । ইটিভি ভাৰতৰ আগত তিৰুচেন্দুৰৰ বন বিষয়া কবিনে কয় যে শিশুবালনে হাতীটো স্পৰ্শ কৰি থকা অৱস্থাত এখন ছেলফি লৈছিল ।
কিন্তু কোনো নতুন ব্যক্তিয়ে স্পৰ্শ কৰাটো নিবিচৰা হাতীটোৱে শিশুবালনক আক্ৰমণ কৰে । ইফালে উদয় কুমাৰক আক্ৰমণ কৰাৰ পিছতহে এইটো উপলব্ধি হয় যে তেওঁ হৈছে হাতীটোৰ মাউত । তেওঁ কয় যে ওচৰৰ মানুহে হাতীটোক শুঁৰডালেৰে স্পৰ্শ কৰি তেওঁক জগাবলৈ চেষ্টা কৰা প্ৰত্যক্ষ কৰিছিল । কবিনে লগতে উল্লেখ কৰে যে যিহেতু উদয় কুমাৰ যিহেতু অচেতন হৈ আছিল, সেয়ে হাতীটোৱে শিশুপালনক পুনৰ ভৰিৰে লথিয়াই আক্ৰমণ কৰিছিল ।
অৱশ্যে পিছত দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও কিন্তু তেওঁলোকৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হয় । আনহাতে, মন্দিৰৰ চৌহদতে যিহেতু তেওঁলোকৰ মৃত্যু হৈছিল, সেয়ে মন্দিৰটো বন্ধ কৰি দিয়া হয় আৰু 45 মিনিট শুদ্ধিকৰণৰ পিছত পুনৰ খোলা হয় আৰু ভক্তসকলক দৰ্শন কৰিবলৈ অনুমতি দিয়া হয় । জিলা বন বিষয়া ৰেৱতী ৰমণনে কয় যে তিৰুচেন্দুৰৰ হাতী দেইভানাই এটা অতি শান্তিপূৰ্ণ জন্তু । হাতীটো অতি আৱেগিক । যদি হাতীটোৰ জ্ঞাত কোনো ব্যক্তিৰ ক্ষতি হয়, তেন্তে ই খোৱা-লোৱা বাদ দিয়ে । তেওঁ কয় যে মাউতজনৰ মৃত্যুৰ পিচত দেইভানাই নামৰ হাতীটোৱে কেইবা ঘণ্টা ধৰি একো খোৱা নাছিল ।
"তামিলনাডুতো মন্দিৰত হাতীৰ অংশগ্ৰহণ এক পৰম্পৰা হৈ আহিছে । ভগৱানৰ শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি মন্দিৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ অনুষ্ঠানত হাতীয়ে অংশ লয় ।" তিৰুচেন্দুৰৰ কল্যাণা সুন্দৰমে কয় ।
উল্লেখ্য যে তিৰুচেন্দুৰ মুৰুগান মন্দিৰত পুৰুষোত্তমন আৰু শান্তিৰ দৰে বিখ্যাত হাতী ডাঙৰ-দীঘল হৈছিল । দীঘল দাঁত আৰু ৰাজকীয় উচ্চতাৰ হাতী পুৰুষোত্তমনক চলচ্চিত্ৰতো দেখা গৈছে ।