নিউজ ডেস্ক, 14 ফেব্ৰুৱাৰী: ত্ৰিপুৰাৰ পৰা বেংগল ছাফাৰী পাৰ্কলৈ সিংহ দম্পতীক আকবৰ আৰু সীতা নামেৰে পুনৰ নামকৰণ কৰাত কেইবাটাও ৰাজনৈতিক দল আৰু স্বেচ্ছাসেৱী সংগঠনে আপত্তি প্ৰকাশ কৰিছে । সিংহ দম্পতীৰ নাম সলনি কৰাৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ প্ৰেৰণ কৰা আবেদনৰ পিছত এই কথা প্ৰকাশ কৰিছে । এই পৰিস্থিতিৰ বাবে ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে ২০১৬ চনত আকবৰৰ পিতৃ দুষ্মন্ত আৰু মাতৃ চিন্ময়ী ছিপাইজলাই তিনিটা পোৱালি জন্ম দিছিল । তদানীন্তন ত্ৰিপুৰাৰ বনমন্ত্ৰী তথা চিপিএমৰ নেতা নৰেশ জামাতিয়াই ৭০ৰ দশকৰ অমিতাভ বচ্চন আৰু ঋষি কাপুৰৰ জনপ্ৰিয় চিনেমা ‘অমৰ, আকবৰ, এণ্টনি’ৰ নামেৰে এই তিনিটা পোৱালিৰ নামকৰণ কৰিছিল ।
কেন্দ্ৰীয় চৰকাৰৰ পশু বিনিময় কাৰ্যসূচীৰ তত্বাৱধানত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত সোমবাৰে ত্ৰিপুৰা আৰু পশ্চিম বংগৰ মাজত কেইবাটাও জীৱ-জন্তুৰ আদান-প্ৰদান কৰা হয় । সোমবাৰে ত্ৰিপুৰাৰ পৰা বেংগল ছাফাৰী পাৰ্কলৈ অনা হয় সিংহ দম্পতী আকবৰ আৰু সীতাৰ লগতে চশমা চকুৱা বান্দৰ, ব্লেকবাক হৰিণ আৰু নাহৰফুটুকী বাঘ ।
আনহাতে, বেংগল ছাফাৰী পাৰ্কে এটা নাহৰ ফুটুকী বাঘ, তেজল আৰু শ্বেৰা নামৰ দুটা শীলৰ পোৱালিক ত্ৰিপুৰাৰ ছেপাহিজালা জুল’জিকেল পাৰ্কলৈ বিনিময় কৰিবলৈ অনুমোদন জনায় ।