ETV Bharat / bharat

চাৰি ৰাজ্যৰ আৰক্ষীক পানী খুৱাই থকা লেডী ডনক গ্ৰেপ্তাৰ - LADY DON MANISHA KAUSHAL ARRESTED

হাৰিয়ানাৰ গুৰুগ্ৰামত লেডী ডন মনীষা কৌশলক গ্ৰেপ্তাৰ কৰা হৈছে । মনীষা কৌশলৰ স্বামী কৌশল চৌধুৰী হৈছে লৰেন্স বিষ্ণৈৰ ঘোৰ শত্ৰু ।

Lady don Manisha Kaushal arrested
লেডী ডন মনীষা কৌশলক গ্ৰেপ্তাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 8:22 PM IST

Updated : Nov 11, 2024, 8:39 PM IST

গুৰুগ্ৰাম: এগৰাকী সুন্দৰী গেংষ্টাৰ । সৌন্দৰ্যৰ আঁৰতো যে থাকিব পাৰে অপৰাধমূলক মানসিকতা সেয়া হয়তো এইগৰাকী গেংষ্টাৰক দেখিলে কল্পনাও কৰিব নোৱাৰে । এতিয়া হাৰিয়ানাত আৰক্ষীৰ জালত পৰিছে এইগৰাকী 'লেডী ডন' । হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন হোটেলৰ মালিকৰ পৰা ২ কোটি টকা দাবী কৰাৰ অভিযোগত লেডী ডন মনীষা কৌশলক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁ হৈছে গেংষ্টাৰ কৌশল চৌধুৰীৰ পত্নী আৰু তেওঁ বৰ্তমান দলটো তেৱেই পৰিচালনা কৰি আছিল । উল্লেখ্য যে কৌশল চৌধুৰী হৈছে গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ ঘোৰ বিৰোধী ।

নীমৰানা হোটেলত গুলীচালনা কৰাইছিল

লেডী ডন মনীষাই আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে যে মুক্তিপণৰ বাবে ৰাজস্থানৰ হোটেল হাইৱে কিং নীমৰানাত গুলীচালনাৰ ঘটনা সংঘটিত কৰাইছিল । ইয়াৰ উপৰি অভিযুক্ত মহিলাগৰাকীয়ে মানেচাৰ উপত্যকাত আৰক্ষীৰ সংঘৰ্ষত ধৰা পৰা ৪ জন অভিযুক্ত আৰু গুৰুগ্ৰামৰ ছেক্টৰ-২৯ অঞ্চলৰ পৰা ধৰা পৰা এজন ব্যক্তিক অবৈধ অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰা বুলিও প্ৰকাশ কৰিছে ।

লেডী ডনে চলাইছিল ছিণ্ডিকেট

গুৰুগ্ৰাম আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, লেডী ডন মনীষা কৌশলে তেওঁৰ গেংষ্টাৰ স্বামী কৌশল চৌধুৰীক কাৰাগাৰলৈ প্ৰক্ষেপৰ পিছৰে পৰা সমগ্ৰ দলটো চলাই আছিল । আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে যে মহিলা গেংষ্টাৰগৰাকীৰ বিৰুদ্ধে এতিয়ালৈকে প্ৰায় আধা ডজন অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে । দেশৰ বিভিন্ন ৰাজ্যত এইগৰাকী মহিলা গেংষ্টাৰে হোটেল অপাৰেটৰৰ পৰা নিৰন্তৰ ধনদাবী কৰি আহিছিল ।

২ কোটি দাবী কৰিছিল

লেডী ডনে গুৰুগ্ৰামৰ বিখ্যাত ৰাও হোটেলৰ পৰিচালকৰ পৰা ধনদাবী কৰিছিল । আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল । এই ভিত্তিত আৰক্ষীয়ে গেংষ্টাৰ কৌশলৰ পত্নী মনীষা কৌশলক ছেক্টৰ-২৯ৰ পৰা গ্ৰেপ্তাৰ কৰে । মনীষাৰ বিৰুদ্ধে প্ৰায় আধা ডজন অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে । গুৰুগ্ৰামৰ খাণ্ডাচা মাণ্ডিতো মনীষা ধনদাবীৰ ঘটনাত জড়িত আছিল ।

লেডী ডন মনীষা কৌশলে পঞ্জাব, ৰাজস্থান, দিল্লী আৰু হাৰিয়ানাত তেওঁৰ গেং পৰিচালনা কৰি আছিল । বৰ্তমান আৰক্ষীয়ে মনীষাক 6 দিনৰ জিম্মাত ৰাখি সোধা-পোছা আৰম্ভ কৰিছে । আৰক্ষীয়ে আশা কৰি যে এই গেংটোৰ সৈতে সম্পৰ্কিত সকলো তথ্য তেওঁৰ পৰা হস্তগত কৰিব পাৰিব । ইয়াৰ দ্বাৰা কৌশল গেঙৰ বিৰুদ্ধে অধিক অভিযানত সহায় হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :মণিপুৰত পুনৰ ৰক্তপাত: জিৰিবামত নিধন ১০ সন্দেহযুক্ত উগ্ৰপন্থীক
লগতে পঢ়ক :উত্তৰ প্ৰদেশত বাবা ছিদ্দিকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

Last Updated : Nov 11, 2024, 8:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.