মেষ ৰাশি: এই সপ্তাহটোৱে মেষ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে ভাল সুযোগ কঢ়িয়াই আনিব ৷ সপ্তাহৰ আৰম্ভণিতে ক’ৰবাৰ পৰা বৃহৎ আৰ্থিক লাভ হ’ব পাৰে ৷ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰা প্ৰয়াস ফলপ্ৰসূ হ’ব ৷ মহিলাসকলৰ ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব ৷ ব্যৱসায়ত আশানুৰূপ সাফল্য লাভ হ’ব, কিন্তু লেনদেন কৰাৰ সময়ত সাৱধান হওক আৰু আনক চকুমুদি বিশ্বাস কৰাৰ পৰা বিৰত থাকক ৷ সপ্তাহৰ শেষৰফালে আপুনি কোনো শুভ বা ধৰ্মীয় কাৰ্যত অংশ গ্ৰহণ কৰাৰ সুযোগ পাব ৷ এই সপ্তাহটো প্ৰেম সম্পৰ্কৰ বাবে সৌভাগ্যশালী হ’ব ৷ প্ৰেমিক যুগলৰ মাজত প্ৰেম আৰু সামঞ্জস্য বৃদ্ধি হ’ব ৷ বৈবাহিক জীৱন সুখময় হ'ব ৷ এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত গতানুগতিক হ’ব ৷ সন্তানৰ সম্পৰ্কীয় কোনো গুৰুতৰ সমস্যাৰ সমাধান হোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব ৷
বৃষ ৰাশি:এই সপ্তাহত বৃষ ৰাশিৰ জাতক/জাতিকাসকলে জীৱনৰ যিকোনো পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰা উচিত, অন্যথা অযথা জটিলতাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ এনে পৰিস্থিতিত সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কষ্ট তথা প্ৰয়াস কৰিব লাগিব ৷ সপ্তাহৰ আৰম্ভণিতে অতিৰিক্ত কাম কৰিবলগীয়া হ’ব ৷ বিশেষ কথাটো হ’ল যে, ব্যস্ততাপূৰ্ণ ৰুটিনৰ ফলত ঘনিষ্ঠ বন্ধুৰ পৰাও সহায় নাপাব ৷ সপ্তাহৰ আৰম্ভণিটো ব্যৱসায়ীসকলৰ বাবে আদৰ্শ নহ’বও পাৰে, কিন্তু সপ্তাহৰ শেষত তেওঁলোকে অভাৱনীয় লাভ অৰ্জনৰ ফলত সুখ প্ৰাপ্ত কৰিব ৷ ঘৰ আৰু সম্পত্তিৰ সৈতে জড়িত বিবাদে আপোনাক বহুত অসুবিধা দিব ৷ তৰ্কা-তৰ্কি কৰাৰ পৰিৱৰ্তে আপোনাৰ প্ৰেম সম্পৰ্কত থকা ভুল বুজাবুজিবোৰ কথা-বতৰাৰ জৰিয়তে আঁতৰাবলৈ চেষ্টা কৰক ৷ পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্যত উপনীত হ’বলৈ কঠিন পৰিশ্ৰম কৰিব লাগিব ৷
মিথুন ৰাশি: এই সপ্তাহটো মিথুন ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মিশ্ৰিত হ’ব ৷ আৰম্ভণিতে কামৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে, কিন্তু সপ্তাহৰ দ্বিতীয়াৰ্ধত আটাইবোৰ আপোনাৰ অনুকূল হ’বলৈ আৰম্ভ কৰিব ৷ সপ্তাহৰ আৰম্ভণিতে কেৰিয়াৰ বা ব্যৱসায় সন্দৰ্ভত দীৰ্ঘ বা কম দূৰত্বৰ যাত্ৰা সম্ভৱ হ’ব পাৰে ৷ এই সময়ছোৱাত ঋতুকালীন ৰোগৰ পৰা সাৱধান হওক আৰু দৈনন্দিন কাম-কাজ, খাদ্যাভ্যাস ইত্যাদিৰ বিশেষ যত্ন লওক ৷ এই সময়ছোৱাত শিক্ষাৰ্থীসকল পঢ়া-শুনাৰ পৰা বিচলিত হ’ব পাৰে ৷ যিসকল লোকে নিজৰ ক্ষেত্ৰৰ বাহিৰত কাম কৰে, লগতে কমিচনত বা কোনো নিৰ্দিষ্ট উদ্দেশ্যত কাম কৰে, তেওঁলোকে মানসিক চাপ আৰু অস্থিৰতা অনুভৱ কৰি থাকিব ৷ প্ৰেম সম্পৰ্কলৈ প্ৰগাঢ়তা আহিব ৷ সপ্তাহটোৰ শেষত আপোনাৰ প্ৰেমিক যুগলে আপোনাক উপহাৰ দি চকিত কৰি তুলিব পাৰে ৷ বৈবাহিক জীৱন সুখময় হ'ব ৷ সপ্তাহৰ প্ৰথম ভাগৰ তুলনাত দ্বিতীয় ভাগটো অধিক উপভোগ্য আৰু সফল হ’ব ৷ এই সময়ত কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত এটা ডাঙৰ কথা সমাধান হোৱাত মনটো প্ৰসন্ন হ’ব ৷
কর্কট ৰাশি:এই সপ্তাহটো কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মিশ্ৰিত হ’ব ৷ সপ্তাহৰ আৰম্ভণিতে কামৰ ক্ষেত্ৰত অহা বাধাৰ বাবে আপুনি হতাশ হৈ পৰিব ৷ বাহন সাৱধানে চলাব, কিয়নো শৰীৰত বিষ বা আঘাত প্ৰাপ্তিৰ আশংকা আছে ৷ এই সময়ছোৱাত চাকৰিয়াল লোকসকলৰ আয়ৰ উৎস বিঘ্নিত হ’ব পাৰে, আনহাতে ব্যৱসায়ীসকলে প্ৰতিপক্ষৰ ফালৰ পৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হ’ব পাৰে ৷ সপ্তাহৰ মাজভাগত কামৰ আধিক্য হ’ব ৷ কৰ্মৰতা মহিলাসকলে নিজৰ কেৰিয়াৰ আৰু পাৰিবাৰিক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷ যদি আপুনি সুখী বৈবাহিক জীৱন যাপন কৰিব বিচাৰে, তেন্তে জীৱন সংগীৰ বাবে সময় উলিয়াওক ৷ এই সপ্তাহটোক ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি ক’ব নোৱাৰি ৷ এই সপ্তাহত আপোনাৰ প্ৰেম সম্পৰ্ক ৰাজহুৱা কৰা বা প্ৰদৰ্শন কৰাৰ পৰা বিৰত থাকক আৰু যিকোনো পদক্ষেপ সাৱধানে লওক, নহ’লে আপুনি বিপদত পৰিব পাৰে ৷
সিংহ ৰাশি:এই সপ্তাহটো সিংহ ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে সৌভাগ্যশালী হ’ব ৷ সপ্তাহৰ আৰম্ভণিটো চাকৰিয়াল লোকসকলৰ বাবে অতি সৌভাগ্যশালী হ’ব ৷ যদি আপুনি দীৰ্ঘদিন ধৰি সম্পত্তি ক্ৰয় বা বিক্ৰয়ৰ পৰিকল্পনা কৰি আছে, তেন্তে এই সপ্তাহতে আপোনাৰ সপোন পূৰণ হ’ব পাৰে ৷ এই সময়ছোৱাত পদোন্নতি আৰু আৰ্থিক লাভৰ সুযোগ আহিব ৷ উচ্চপদস্থ বিষয়াৰ সৈতে সম্পৰ্ক বৃদ্ধি হ’ব ৷ উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ’ব আৰু সঞ্চিত ধন-সম্পত্তি বৃদ্ধি পাব ৷ ৰাজনীতিবিদসকলৰ উচ্চ পদবীত উপনীত হোৱাৰ সম্ভাৱনা আছে ৷ সপ্তাহটোৰ শেষৰ ফালে আপুনি এগৰাকী প্ৰভাৱশালী ব্যক্তিক লগ পাব, যি আপোনাক আৰ্থিক সাফল্য আৰু প্ৰগতিৰ পথ প্ৰশস্ত কৰাত সহায় কৰিব ৷ স্বাস্থ্য গতানুগতিক হৈ থাকিব ৷ আপুনি পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ সম্পৰ্কে চিন্তিত হৈ থাকিব পাৰে ৷ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰগাঢ়তা থাকিব ৷ প্ৰেম সম্পৰ্ক আনকি বিবাহ পৰ্য্যন্তও যাবগৈ পাৰে ৷
কন্যা ৰাশি:এই সপ্তাহত কন্যা ৰাশিৰ জাতক/জাতিকাসকলে তেওঁলোকৰ লগত কাম কৰা লোকসকলৰ পৰা অতি সতৰ্ক হৈ থকা উচিত ৷ খৰখেদাকৈ কোনো গুৰুত্বপূৰ্ণ কেৰিয়াৰ সংক্ৰান্তীয় বা ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ নকৰিব ৷ যদি আপুনি নিশ্চিত নহয়, তেন্তে বন্ধু বা পৰিয়ালৰ কোনো সদস্যৰ পৰামৰ্শ লওক বা এনে সিদ্ধান্ত লোৱাটো পিছুৱাই দিয়ক ৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত আয় কম আৰু ব্যয় অধিক হ’ব ৷ ফলত আপোনাৰ আৰ্থিক স্থিতি বেয়া হ’ব পাৰে ৷ এই সপ্তাহত কন্যা ৰাশিৰ লোকসকলৰ স্বাস্থ্য কিছু দুৰ্বল হৈ থাকিব পাৰে ৷ ঋতু পৰিৱৰ্তন বা কোনো পুৰণি ৰোগ উক দিয়াৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ পঢ়া-শুনা কৰা শিক্ষাৰ্থীসকলৰ পঢ়া-শুনাৰ পৰা মনোযোগ আঁতৰি যাব পাৰে ৷ যিকোনো নতুন আঁচনিত বিনিয়োগ কৰাৰ সময়ত ব্যৱসায়ীসকলে অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব ৷ কঠিন পৰিস্থিতিত আপোনাৰ প্ৰিয় সংগী আপোনাৰ লগত থাকিব ৷ বৈবাহিক জীৱন সুখময় হৈ থাকিব ৷