মেষ ৰাশি : এই সপ্তাহত মেষ ৰাশিৰ লোকসকলে তেওঁলোকৰ চেষ্টাৰ মিশ্ৰিত ফলাফল দেখিবলৈ পাব । কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফলত সুযোগ লাভ কৰিব, কিন্তু সেয়া আপুনি বিচৰা ধৰণৰ নহ’বও পাৰে । অৱশ্যে আপোনাৰ হাতলৈ অহা কোনো সুযোগ এৰি নিদিব ৷ পেটৰ সমস্যা হ’ব পাৰে । এনে পৰিস্থিতিত খোৱা-বোৱা আৰু দৈনন্দিন ৰুটিনৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক । কঠিন পৰিস্থিতিত আপোনাৰ জীৱন সংগীৰ সহযোগিতাই আপোনাক যথেষ্ট সকাহ প্ৰদান কৰিব । এই সপ্তাহটোত আপোনাৰ স্বাধীন আৰু মুক্ত হোৱাৰ ইচ্ছা জাগিব ৷ এই ইচ্ছাৰ ফলত আপোনাক পৰিয়াল তথা ব্যক্তিগত সম্পৰ্কৰ সৈতে দূৰত্ব বাঢ়িব ৷ বিভ্ৰান্তি আঁতৰোৱাৰ বাবে নিজৰ শুভাকাংক্ষীৰ মতামত লওক আৰু যিকোনো বৃহৎ সিদ্ধান্ত লোৱাৰ পূৰ্বে দহবাৰ চিন্তা কৰক ।
বৃষ ৰাশি : এই সপ্তাহটো বৃষ ৰাশিৰ লোকসকলৰ বাবে অতি শুভ আৰু সৌভাগ্যপূৰ্ণ হ’ব । এই সপ্তাহত আপুনি গুৰুত্বপূৰ্ণ পেছাগত আৰু ব্যৱসায়িক কৃতিত্ব লাভ কৰিব পাৰিব । কৰ্মক্ষেত্ৰত আপোনাৰ উৰ্ধতন বিষয়াসকলৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব, যাৰ ফলত আপুনি নিজৰ পছন্দৰ স্থানলৈ বদলি হ’ব পাৰে নাইবা আপোনাক অধিক দায়িত্ব দিয়া হ’ব পাৰে । প্ৰেমৰ সম্পৰ্ক গভীৰ হ’ব । আপুনি নিজৰ সংগীৰ সৈতে সুন্দৰ সময় কটাব । বৈবাহিক জীৱন সুখময় হ'ব । সপ্তাহৰ মাজভাগত এগৰাকী জ্যেষ্ঠ বা ক্ষমতাশালী ব্যক্তিক লগ পোৱাটো ভৱিষ্যতৰ বাবে লাভজনক হ’ব । উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ’ব । আপোনাৰ চিন্তা, চখ আৰু আগ্ৰহ, সন্তান আৰু আনুষংগিক বিষয় আদিয়ে আপোনাৰ বাবে অপৰিসীম আনন্দ কঢ়িয়াই আনিব । আপোনাৰ কাম-কাজৰ পৰিসৰ বৃহৎ হ’ব ।
মিথুন ৰাশি : এই সপ্তাহত মিথুন ৰাশিৰ লোকসকলৰ ওপৰত কামৰ বোজা আৰু দায়িত্ব বৃদ্ধি পাব । যদি আপোনাৰ জীৱনৰ কোনো গুৰুতৰ সমস্যাই আপোনাক মানসিকভাৱে অশান্তি দিছে, তেন্তে চিন্তিত হোৱাৰ পৰিৱৰ্তে শীতল মস্তিষ্কৰে তাৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক । ব্যৱসায়ত মোটামুটি লাভ অৰ্জনৰ সম্ভাৱনা আছে । কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত বিবাদত জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ ব্যৱসায়ৰ প্ৰতি গুৰুত্ব দিয়ক । ব্যৱসায় আগবঢ়াই নিবলৈ বা কোনো আঁচনিৰ সৈতে জড়িত হ’বলৈ উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰাটো বুদ্ধিমানৰ কাম হ’ব । সপ্তাহৰ শেষৰ ফালে আপুনি আৰু আপোনাৰ জীৱন সংগী কোনো ধৰ্মীয় স্থান দৰ্শনৰ বাবে যাব পাৰে । প্ৰেমৰ সম্পৰ্কত যদি আপোনাৰ সংগীৰ সৈতে কোনো ধৰণৰ মতানৈক্য বা ভুল বুজাবুজি হয় তেন্তে কোনো বন্ধুৰ সহায়ত সমস্যাৰ সমাধান হ’ব ।
কর্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক/জাতিকাসকলৰ সপোন এই সপ্তাহত বাস্তৱায়িত হ’ব । গোটেই সপ্তাহটোত ভাগ্যই আপোনাক সহায় কৰিব । চাকৰিয়াল লোকসকলৰ বাবে সময় অনুকূল । পদোন্নতিৰ ইচ্ছা পূৰণ হ’ব পাৰে । অৱশ্যে এই সপ্তাহত আপুনি পাৰিবাৰিক বিষয়সমূহৰ বাবে যথেষ্ট সময় আৰু মনোযোগ দিব লাগিব । বিদেশত ব্যৱসায় কৰাসকলে অতিৰিক্ত লাভ অৰ্জন কৰিব পাৰে । কিন্তু জীৱন সংগীৰ সৈতে উন্নত যোগাযোগৰ দ্বাৰা আপুনি নিজৰ সকলো প্ৰত্যাহ্বান সমাধান কৰাই নহয়, পৰিয়ালৰ সৈতেও উত্তম সময় উপভোগ কৰিবলৈ সক্ষম হ’ব । পৰিয়ালৰ সদস্যসকলৰ অনুমোদন লাভ কৰিলে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিণত হ’ব পাৰে । স্বাস্থ্য গতানুগতিক হৈ থাকিব । কৰ্মৰত মহিলাসকলে সপ্তাহৰ শেষৰ ফালে পৰিয়াল আৰু চাকৰিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে । কৰ্মসংক্ৰান্তীয় বিদেশ ভ্ৰমণৰো সুযোগ আছে ।
সিংহ ৰাশি : এই সপ্তাহত সিংহ ৰাশিৰ জাতক/জাতিকাসকলে সৰু-সুৰা কথাবোৰক আওকাণ কৰা উচিত । ইয়াৰ দ্বাৰা সন্তুষ্টি প্ৰাপ্ত হ’ব । এই সপ্তাহত আপুনি নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব । কৰ্মক্ষেত্ৰত আপুনি সহকৰ্মী আৰু উৰ্ধতন বিষয়া উভয়ৰে পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব । যদি আপুনি কাৰোবাক প্ৰেম বা বিবাহৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবিছে, তেন্তে কোনো বন্ধুৱে আপোনাক সহায় কৰিব পাৰে । ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত জড়িত থকা লোকসকল সম্পৰ্কৰ বাবে সুখী হ’ব । বিবাহৰ দ্বাৰা আপুনি সন্তুষ্টি লাভ কৰিব । সপ্তাহটোৰ শেষৰ ফালে সন্তানৰ পৰা আপুনি কিছু ইতিবাচক খবৰ শুনিব পাৰে । বতৰ পৰিৱৰ্তনৰ সময়ত স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিবলৈ সাৱধানতা অৱলম্বন কৰক । আত্মীয়-স্বজনৰ অনুভূতিক আওকাণ কৰাৰ পৰা বিৰত থাকিব লাগিব; অন্যথা সমালোচিত হোৱাৰ আশংকা আছে ।
কন্যা ৰাশি :এই সপ্তাহত কিছু বাক-বিতণ্ডাই কন্যা ৰাশিৰ জাতক/জাতিকাসকলৰ বাবে মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে । সপ্তাহৰ আৰম্ভণিতে আপুনি অসুবিধা আৰু প্ৰত্যাহ্বানৰ বাবে ক্ৰোধিত তথা বিৰক্ত অনুভৱ কৰিব পাৰে । স্বাস্থ্যৰ প্ৰতি থকা অসাৱধানতাই গুৰুতৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে । আপোনাৰ ধন বুদ্ধিমত্তাৰে চম্ভালক, অন্যথা আৰ্থিক সংকট আপোনাৰ সমস্যাৰ মূল কাৰণ হ’ব পাৰে । কাৰো দ্বাৰা প্ৰভাৱিত হৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব । সপ্তাহৰ শেষৰ ফালে পৰিস্থিতি সামান্য সলনি হ’ব । এই সময়ছোৱাত প্ৰেমাস্পদ নাইবা জীৱন সংগীৰ সৈতে থকা সম্পৰ্কত ঘনিষ্ঠতা অনুভৱ কৰিব । আপোনাৰ প্ৰেমাস্পদ নাইবা জীৱন সংগীৰ সমৰ্থনে আপোনাক যিকোনো কঠিন সমস্যাৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব । মাতৃৰ স্বাস্থ্যৰ বাবে মনটো অলপ চিন্তিত হৈ থাকিব । পৰিৱৰ্তিত বতৰত দায়িত্বশীল হওঁক আৰু খোৱা-বোৱাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক ।
তুলা ৰাশি : এই সপ্তাহত তুলা ৰাশিৰ লোকসকলে নতুন মানুহৰ সৈতে সম্পৰ্ক গঢ়িবলৈ তথা আত্মীয়-স্বজনৰ সৈতে সম্বন্ধ উন্নত কৰিবলৈ যত্ন কৰিব । এগৰাকী বিশেষ ব্যক্তিৰ সহায়ত বহুদিন ধৰি স্থগিত হৈ থকা কামবোৰ ক্ষন্তেকতে সম্পন্ন হ’ব, যাৰ ফলত মন প্ৰসন্ন হ’ব । কেৰিয়াৰ-ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণে সুখ, প্ৰগতি আৰু অপৰিসীম আয় কঢ়িয়াই আনিব । ঘৰ-সম্পত্তি ক্ৰয় আৰু বিক্ৰয় কৰি আপুনি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব আৰু আপোনাৰ জীৱন সংগীয়েও আপোনাক সমানে সহায় কৰিব । স্বাস্থ্য গতানুগতিক হৈ থাকিব, কিন্তু শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ ধ্যান আৰু যোগাসন কৰাটো ভাল । যদি বৰ্তমান আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে ই অতি সোনকালে বিবাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে । আপোনাৰ পৰিয়ালৰ লোকে আপোনালোকৰ প্ৰেম মানি ল’ব ।