নিউজ ডেস্ক, 27 এপ্ৰিল :দুৰ্ঘটনাই যেন পিচ এৰা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৷ এইবাৰ নিৰ্বাচনী সভালৈ যোৱাৰ পথত পুনৰ আহত হয় বংগৰ মুখ্যমন্ত্ৰীগৰাকী ৷ শনিবাৰে দুপৰীয়া হেলিকপ্টাৰৰ ভিতৰত ভাৰসাম্য হেৰুৱাই বাগৰি পৰে মমতা বেনাৰ্জী আৰু এই দৃশ্য বন্দী হয় কেমেৰাত ৷ দুৰ্গাপুৰৰ গান্ধীমোৰস্থিত ডি এম চি ময়দানৰ হেলিপেডত সংঘটিত হয় এই ঘটনা ৷ ঘটনাত মুখ্যমন্ত্ৰীগৰাকী সামান্য আঘাতপ্ৰাপ্ত হয় যদিও শীঘ্ৰেই আৰোগ্য হয় ৷
তৃণমূলৰ মুৰব্বীগৰাকী পৰি যোৱাৰ লগে লগে তেওঁৰ দেহৰক্ষীসকলে তেওঁক তুলি ধৰে ৷ ইয়াৰ পিচতে তেওঁ নিৰাপদে আছানছলৰ কুলটিত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় ৷ ইয়াত তেওঁ স্বভাৱসিদ্ধভাৱেই মঞ্চত উঠি ভাষণ দিয়ে ৷ মমতা বেনাৰ্জীয়ে আছানছলৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শত্ৰুঘ্ন সিনহাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ বিগত কেইবাদিনো ধৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰন্তৰভাৱে জিলাখনত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি আহিছে ৷ লোকসভা সমষ্টিটোত তৃতীয় পৰ্যায়ত হ’ব নিৰ্বাচন ৷