অসম

assam

শ্বেভিং ক্ৰীম আৰু ফ'মৰ দ্বাৰা নিৰ্মাণ ৮ ফুট উচ্চতাৰ গণেশৰ মূৰ্তি - VI John Ganpati

By ANI

Published : Sep 12, 2024, 1:06 PM IST

VI John Ganpati: মহাৰাষ্ট্ৰৰ পুনেৰ গ্ৰেণ্ড ষ্ট্ৰীট মলত উন্মোচন বৃহৎ আকাৰৰ গণেশ মূৰ্তি । পুৰুষৰ গ্ৰুমিং উদ্যোগ ভিআই জন ইণ্ডিয়াই নিৰ্মাণ কৰিছে মূৰ্তিটো । কিন্তু কিহৰ বাবে মূৰ্তিটো এছিয়া বুক অৱ ৰেকৰ্ডছৰ তালিকাত অন্তৰ্ভুক্ত হৈছে জানে নে ?

VI John Ganpati
শ্বেভিং ক্ৰীম আৰু ফ'মৰ দ্বাৰা নিৰ্মাণ এছিয়াৰ সৰ্ববৃহৎ গণপতি (ANI)

নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ :পুৰুষৰ গ্ৰুমিং(সাজ-সজ্জা) উদ্যোগ ভিআই জন ইণ্ডিয়াৰ অভিলেখ সৃষ্টিকাৰী পদক্ষেপ । কোম্পানীটোৱে শ্বেভিং ক্ৰীম আৰু ফ'মৰ জৰিয়তে নিৰ্মাণ কৰি উলিয়ালে ৮ ফুট উচ্চতাৰ এটা গণেশৰ মূৰ্তি । গণেশ চতুৰ্থীক লৈ দেশজুৰি ব্যাপক উছাহৰ মাজতে সৃষ্টিশীলতা, পৰম্পৰা আৰু উদ্ভাৱনৰ এক অনন্য নিৰ্দৰ্শন দাঙি ধৰিলে ভিআই জন ইণ্ডিয়াই । পুনেৰ গ্ৰেণ্ড ষ্ট্ৰীট মলত উন্মোচন কৰা গণেশৰ এই মূৰ্তিটোক এছিয়া বুক অৱ ৰেকৰ্ডছে শ্বেভিং ক্ৰীম আৰু ফ'মৰ দ্বাৰা নিৰ্মিত সৰ্ববৃহৎ গণপতি হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে ।

১৫ দিনত নিৰ্মাণ গণেশৰ মূৰ্তিটো

এই সৃষ্টিশীল পদক্ষেপটো দৈনন্দিন জীৱনত গ্ৰুমিঙৰ তাৎপৰ্য উপস্থাপন কৰাৰ ভিআই জন ইণ্ডিয়াৰ অভিযানৰ অংশ । জ্ঞান, নতুন আৰম্ভণি আৰু সফলতাৰ প্ৰতীক ভগৱান গণেশক বাছনি কৰি ব্ৰেণ্ডটোৱে সৃষ্টিশীলভাৱে নিজৰ যত্ন আৰু ব্যক্তিগত সাজ-সজ্জাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছে ।

মূৰ্তিটো ভিআই জনৰ শেহতীয়াকৈ মুকলি কৰা সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে । য'ত আছে ভিআই জন প্ৰিমিয়াম শ্বেভিং ক্ৰীম আৰু ভিআই জন স্পেচিয়েল ময়েশ্চাৰাইজিং ফৰ্মুলা-আধাৰিত শ্বেভিং ফ'ম । মূৰ্তিটো নিৰ্মাণৰ বাবে ৩,৫০০ তকৈও অধিক শ্বেভিং ক্ৰীম আৰু ফ'মৰ প্ৰয়োজন হৈছে । ১৫ দিন ধৰি সতৰ্কতাৰে আৰু সৃষ্টিশীল প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ কৰা হৈছে মূৰ্তিটো ।

ভিআই জন গণপতি

মূৰ্তিটোৰ উন্মোচন অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভিআই জন ইণ্ডিয়াৰ মাৰ্কেটিঙৰ জেনেৰেল মেনেজাৰ আশুতোষ চৌধুৰীয়ে কয়, "গণেশ চতুৰ্থী হৈছে ভক্তি, নতুন আৰম্ভণি আৰু উদযাপনৰ সময় । আমি প্ৰদৰ্শন কৰিব বিচাৰিছো যে সাজ-সজ্জা ব্যক্তিগত যত্নৰ এক গুৰুত্বপূৰ্ণ অংশ, ঠিক যেনেদৰে গণপতি বাপ্পাই আমাৰ হৃদয়ত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে । ভিআই জন গণপতি হৈছে পৰম্পৰাক সন্মান জনোৱাৰ আমাৰ উপায় আৰু সৃষ্টিশীলভাৱে সাজ-সজ্জাৰ গুৰুত্ব প্ৰদৰ্শন কৰা ।"

ইফালে ভিআই জন গণপতি উন্মোচন হোৱাৰ লগে লগে মলৰ দৰ্শনাৰ্থী আৰু ভক্তসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । একেদৰে মুখ্য আকৰ্ষণ হিচাপে মূৰ্তিটোৱে ব্যাপকভাৱে সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

ভিআই জন কি ?

ভিআই জন ইণ্ডিয়া হৈছে গ্ৰুমিং বা সাজ-সজ্জা আৰু ব্যক্তিগত যত্ন খণ্ডৰ এক আগশাৰীৰ ব্ৰেণ্ড । যি ইয়াৰ বিস্তৃত পৰিসৰৰ শ্বেভিং ক্ৰীম, ফ'ম, ডিঅ'ড্ৰেণ্ট আৰু ছালৰ যত্নৰ সামগ্ৰীৰ বাবে জনাজাত । সমগ্ৰ ভাৰতত এই ব্ৰেণ্ডৰ যথেষ্ট গ্ৰাহক আছে ।

লগতে পঢ়ক :আজি খোৱা-বোৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখক এই ৰাশিৰ লোকে...প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত হওক সাৱধান...চাওক কেনে যাব আপোনাৰ আজিৰ দিনটো - Daily Horoscope For 12th September

ABOUT THE AUTHOR

...view details