অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশত বাছ-পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ: নিহত ১০ জন, আহত কেবাজনো - Uttar Pradesh Horrific accident - UTTAR PRADESH HORRIFIC ACCIDENT

Accident in UP: উত্তৰ প্ৰদেশত বাছ আৰু পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ লগতে কেবাজনো লোক অতি সংকটজনক অৱস্থা হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

Accident in UP
বাছ আৰু পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 2:25 PM IST

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট: উত্তৰ প্ৰদেশৰ সলেমপুৰত এখন ব্যক্তিগত বাছ আৰু পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । যাৰ ফলত এই দুৰ্ঘটনাটোত পতিত হৈ ১০ জন লোকৰ মৃত্যু হয় । লগতে কেবাজনো লোক আহত হোৱা বুলি তথ্য লাভ কৰা হৈছে ৷ জানিব পৰা মতে, পিকআপখনত প্ৰায় ২৫ জন লোক আছিল ।

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে দিনৰ ভাগত বদায়ু পথৰ সলেমপুৰৰ সমীপত এখন ব্যক্তিগত বাছ আৰু পিকআপৰ মাজত ব্যাপক সংঘৰ্ষ হয় । এই দুৰ্ঘটনাত পিকআপখন বৰ বেয়াকৈ ক্ষতিসাধন হয় । এই দুৰ্ঘটনাৰ সংঘটিত হোৱাৰ পাচতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ তাৰ পাচতে বহু লোকৰ সমাগম ঘটে ।

ইফালে ঘটনাৰ বিষয়ে জানিব পাৰি কিছু সময়ৰ পাচত উক্ত স্থানত আৰক্ষী উপস্থিত হয় । তাৰ পাচত আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত দুৰ্ঘটনাত পতিত বাহনৰ পৰা আবদ্ধ হৈ থকা আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইতিমধ্যে ডি এম চি পি সিং আৰু এছ এছ পি শ্লোক কুমাৰে সেই স্থানত উপস্থিত হৈ দুৰ্ঘটনাটোৰ সকলো দিশ নিজে প্ৰত্য়ক্ষ কৰে ।

লগতে পঢ়ক :ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে কলাইগাঁৱত ৰাইজৰ প্ৰতিবাদ - Public Protest

ইফালে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচত চিকিৎসকে পৰীক্ষা কৰাৰ অন্তত প্ৰায় ১০ জন লোকক মৃত বুলি ঘোষণা কৰে ৷ ইয়াৰ উপৰিও আন কেবাজনো আহত লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

আনহাতে, পিকআপ চালকে উল্লেখ কৰা অনুসৰি, তেওঁ গাজিয়াবাদৰ পৰা আহি থকা বুলি উল্লেখ কৰে । পিকআপ চালকে উল্লেখ কৰা অনুসৰি, তেওঁ ৰাস্তাৰ কাষৰে আহি আছিল । কিন্তু বাছখনৰ চালকজনে মদ্যপান কৰি গাড়ী চলাই আহিছিল । যাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পিকআপখনৰ চালকে ইণ্ডিকেটৰ দি আছিল, তথাপিও বাছখনৰ চালকে বাহনখনত খুন্দা মাৰে ।

স্থানীয় ৰাইজে জনোৱা মতে, ঘটনা সংঘটিত হোৱাৰ পাচতে এম্বুলেন্সক খবৰ দিয়া হয় ৷ কিন্তু বহু পলমকৈ উক্ত স্থানত উপস্থিত হয় এম্বুলেন্স বাহন ৷ আনকি ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছতো আৰক্ষীও প্ৰায় আধা ঘণ্টা পলমকৈ আহি উক্ত স্থানত উপস্থিত হয় ।

লগতে পঢ়ক :লাইনচ্যুত সাবৰমতী এক্সপ্ৰেছ : দুৰ্ঘটনা নে ষড়যন্ত্ৰ ? - Sabarmati Express Train Accident

ABOUT THE AUTHOR

...view details