অসম

assam

ETV Bharat / bharat

ক্ৰন্দনৰতা ! মোদী কেবিনেটৰ পৰা নাম কটা গ’ল স্মৃতি ইৰাণীৰ - Smriti Irani out of Modi cabinet 3 - SMRITI IRANI OUT OF MODI CABINET 3

Smriti Irani : মোদী কেবিনেট ৩.০ ৰ পৰা কৰ্তন হ’ল স্মৃতি ইৰাণীৰ নাম । স্মৃতি ইৰাণীৰ ঠাইত আহিল উত্তৰ প্ৰদেশৰ এগৰাকী মহিলা সাংসদ ৷ নাম অনুপ্ৰিয়া পেটেল ৷ মোদী কেবিনেটত অন্তৰ্ভুক্ত কৰা অনুপ্ৰিয়া পেটেল হৈছে উত্তৰ প্ৰদেশৰ একমাত্ৰ মহিলা সাংসদ ।

SMRITI IRANI OUT OF MODI CABINET 3
মোদী কেবিনেটৰ পৰা নাম কটা গ’ল স্মৃতি ইৰাণীৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 10:26 AM IST

নেশ্যনেল ডেস্ক, ১০ জুন :অৱশেষত দিল্লীত একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে দেওবাৰে শপত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই শপত গ্ৰহণ কৰা নতুন মন্ত্ৰী পৰিষদত পূৰ্বৰ মন্ত্ৰীসভাৰ কেবাজনো মন্ত্ৰী ৷ এই মন্ত্ৰীসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ দহজন সাংসদক মোদী কেবিনেট ৩.০ ত অন্তৰ্ভুক্ত কৰা হৈছে ।

তেওঁলোকৰ ভিতৰত অনুপ্ৰিয়া পেটেল হৈছে একমাত্ৰ মহিলা সাংসদ । একে সময়তে আশা কৰা হৈছিল যে, পৰাজয়ৰ পাচতো স্মৃতি ইৰাণীক দলৰ মন্ত্ৰী পদত বাচনি কৰা হ’ব, কিন্তু সেয়া হৈ নুঠিল । কটা হ’ল স্মৃতি ইৰাণীক পদ ৷

মোদী কেবিনেটৰ পৰা নাম কটা গ’ল স্মৃতি ইৰাণীৰ (ETV Bharat)

উল্লেখ্য যে, মোদী চৰকাৰ ২.০ ত আমেথিৰ পৰা স্মৃতি ইৰাণীয়ে জয়ী হৈছিল । দলটোৱে তেওঁক পুৰস্কাৰ হিচাপে দিছিল মন্ত্ৰীৰ পদ । কিন্তু এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সাংসদ কিশোৰী লাল শৰ্মাৰ হাতত ১.৬৬ লাখ ভোটত পৰাস্ত হয় স্মৃতি ইৰাণী ।

অৱশ্যে এই পৰাজয়ৰ পাচতো স্মৃতি ইৰাণীৰ মন্ত্ৰিত্ব পদটো দিব বুলি ৰাখিব বুলি আশা কৰিছিল ৷ কিন্তু সেয়া নহ’ল । এইবাৰ উত্তৰ প্ৰদেশৰ দহজন সাংসদক মোদী কেবিনেট ৩.০ ত অন্তৰ্ভুক্ত কৰা হ’ল ।

আনহাতে দলটোৱে পুনৰ ৰাজনাথ সিং আৰু হৰদীপ সিং পুৰীক কেবিনেট মন্ত্ৰী কৰাৰ বিপৰীতে জয়ন্ত চৌধুৰী, জিতীন প্ৰসাদ, পংকজ চৌধুৰী, অনুপ্ৰিয়া পেটেল, এছ পি সিং বাঘেল, কীৰ্তিবৰ্ধন সিং, বি এল ভাৰ্মা আৰু কমলেশ পাছৱানক ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় ।

  • উত্তৰ প্ৰদেশৰ একমাত্ৰ মহিলা মন্ত্ৰী অনুপ্ৰিয়া পেটেল

এইবাৰ উত্তৰ প্ৰদেশৰ পৰা মাত্ৰ সাতগৰাকী মহিলা সাংসদেহে জয়লাভ কৰিবলৈ সক্ষম হৈছে । তেওঁলোক হ’ল অনুপ্ৰিয়া পেটেল, হেমা মালিনী, প্ৰিয়া সৰোজ, ডিম্পল যাদৱ, ইকৰা হাছান, ৰুচি বীৰা আৰু কৃষ্ণ পেটেল । কেৱল উত্তৰ প্ৰদেশৰ পৰা একমাত্ৰ মহিলা সাংসদ অনুপ্ৰিয়া পেটেলেহে মোদী মন্ত্ৰীসভাত স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

একে সময়তে স্মৃতি ইৰাণী আৰু হেমা মালিনীৰ দৰে ডাঙৰ ডাঙৰ মুখেও মন্ত্ৰিত্ব পদৰ দৌৰৰ পৰা বিৰত থাকিব লগাত পৰিছে । এইখিনি উল্লেখ কৰাৰ প্ৰয়োজন যে, ২০১৯ চনত উত্তৰ প্ৰদেশৰ পৰা ১১ গৰাকী আৰু ২০১৪ চনত ১৩ গৰাকী মহিলা সাংসদ জয়ী হৈছিল । এইবাৰ সংসদত উত্তৰ প্ৰদেশৰ পৰা উপস্থিত হৈছে মাত্ৰ ৭ গৰাকী মহিলা ।

  • উত্তৰ প্ৰদেশৰ পৰা সংসদলৈ যাব নোৱাৰা মহিলাসকল

স্মৃতি ইৰাণী, মেনকা গান্ধী, ৰেখা বৰ্মা, ৰীতা বহুগুণা যোশী, সাধ্বী নিৰঞ্জন জ্যোতি, সংঘ মিত্ৰা মৌৰ্য, সংগীতা আজাদ ।

ABOUT THE AUTHOR

...view details