নতুন দিল্লী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত শান্তি নিশ্চিত কৰাৰ বাবে সৰ্বোচ্চ পদক্ষেপ গ্ৰহণ কৰিবলৈ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ দিয়ে বুলি সূত্ৰই প্ৰকাশ কৰিছে । নিৰ্বাচনী সভা বাতিল কৰি মহাৰাষ্ট্ৰৰ পৰা উভতি অহাৰ পাছতেই শ্বাহে এই বৈঠক অনুষ্ঠিত কৰে ।
গৃহমন্ত্ৰীগৰাকীয়ে শীৰ্ষ নিৰাপত্তা বিষয়াৰ সৈতে মণিপুৰৰ পৰিস্থিতি পৰ্যালোচনা কৰি শান্তি নিশ্চিত কৰাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে বুলি সূত্ৰই প্ৰকাশ কৰে । সোমবাৰে শ্বাহে শীৰ্ষ বিষয়াসকলৰ সৈতে আন এক বিশদ বৈঠকত মিলিত হ’ব আৰু অধিক পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি তেওঁলোকে জানিবলৈ দিয়ে ।
যোৱা বছৰৰ মে’ মাহৰ পৰা জাতিগত সংঘাতক কেন্দ্ৰ কৰি মণিপুৰৰ পৰিস্থিতি অস্থিৰ হৈ আছে ৷ তাৰ মাজতে মহিলা আৰু শিশুৰ মৃতদেহ উদ্ধাৰৰ পাছত প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে । জিৰিবাম জিলাত উগ্ৰপন্থীয়ে তিনিগৰাকী মহিলা আৰু তিনিটা শিশুক হত্যা কৰাক কেন্দ্ৰ কৰি আন্দোলন তীব্ৰতৰ হৈ পৰে ৷ ফলত কেবাখনো জিলাত সান্ধ্য আইন বলৱৎ কৰা হয় ৷
লগতে পঢ়ক:বিজেপি শাসিত মণিপুৰৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ এন পি পিৰ
ক্ষুব্ধ লোকে নিংথৌখঙত থকা পি ডব্লিউ ডি মন্ত্ৰী গোবিন্দাস কনথৌজাম, লেংমেইডং বজাৰত হিয়াংলামৰ বিজেপি বিধায়ক ৱাই ৰাধেশ্যাম, থৌবাল জিলাৰ ৱাংজিং তেন্থাৰ বিজেপি বিধায়ক পাওনাম ব্ৰজেন আৰু ইম্ফল পূৱ জিলাৰ খুন্দ্ৰাকপামৰ কংগ্ৰেছৰ বিধায়ক থ লোকেশ্বৰৰ ঘৰ জ্বলাই দিয়ে । আৰক্ষীয়ে জনোৱা মতে, যেতিয়া প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ আৱাসিক চৌহদত তাণ্ডৱৰ সৃষ্টি কৰি সম্পত্তি ভাঙি ঘৰবোৰত জুই লগাই দিয়ে, তেতিয়া বিধায়ক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য ঘৰত নাছিল ৷
মণিপুৰ আৰক্ষীয়ে যোৱা ১১ নৱেম্বৰত জিৰিবাম জিলাৰ জাকুৰাধোৰত বড়োবেকৰা থানা আৰু কাষৰীয়া চি আৰ পি এফৰ শিবিৰত অত্যাধুনিক অস্ত্ৰৰে সজ্জিত বিদ্ৰোহীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ পিছতে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা তীব্ৰ গুলীয়াগুলীত ১০ জন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হোৱা বুলি দাবী কৰে । সন্দেহযুক্ত উগ্ৰপন্থীয়ে একেখন জিলাৰ মহিলা আৰু শিশুকে ধৰি ছয়জন সাধাৰণ নাগৰিকক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে বুলি আৰক্ষীয়ে দাবী কৰিছিল ।
লগতে পঢ়ক:মণিপুৰ আকৌ জ্বলিছে: ইজনৰ পিছত সিজন বিধায়কৰ ঘৰত আক্ৰমণ
শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে মণিপুৰত নিয়োজিত সকলো নিৰাপত্তা বাহিনীক যোৱা কেইদিনমানৰ পৰা পৰিস্থিতি “উত্তপ্ত” হৈ থকা ৰাজ্যখনত আইন শৃংখলা আৰু শান্তি ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়া হৈছে ।
কোৱা হৈছে যে সংঘাতত লিপ্ত হোৱা দুয়োটা সম্প্ৰদায়ৰ অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে হিংসাত লিপ্ত হৈ আহিছে ৷ যাৰ ফলত দুৰ্ভাগ্যজনকভাৱে কেবাজনো লোকে প্ৰাণ হেৰুৱাইছে আৰু আইন শৃংখলাত ব্যাঘাত জন্মিছে । হিংসাত্মক কাৰ্যত লিপ্ত হ’বলৈ চেষ্টা কৰা কোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।
বৃহস্পতিবাৰে কেন্দ্ৰই হিংসাত্মক পৰিস্থিতি অব্যাহত থকা জিৰিবামকে ধৰি মণিপুৰৰ ছখন থানা এলেকাত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন পুনৰ বলবৎ কৰিছিল । যোৱা বছৰৰ মে’ মাহৰ পৰা ইম্ফল উপত্যকাৰ মেইটেই আৰু কাষৰীয়া পাহাৰীয়া কুকি-জো গোটসমূহৰ মাজত হোৱা জাতিগত হিংসাত ২২০ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে । মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত পাহাৰীয়া জিলাসমূহত ‘জনজাতি সংহতি মাৰ্চ’ৰ আয়োজন কৰাৰ পিছত সংঘাতৰ আৰম্ভণি হৈছিল ।
লগতে পঢ়ক:উত্তপ্ত মণিপুৰ; কেবাটাও স্থানত হিংসাত্মক ঘটনা...বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা