আগ্ৰা :আগ্ৰাৰ কিৰাৱলীত জঘন্য ঘটনা । দলবদ্ধ ধৰ্ষণৰ বলি অসমৰ এগৰাকী যুৱতী । অভিযোগ অনুসৰি দিল্লী ৰে'ল ষ্টেচনৰ পৰা অভিযুক্তই যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰলোভন দি লৈ গৈছিল । অভিযুক্তই যুৱতীগৰাকীক আগ্ৰাৰ কিৰাৱলীত থকা তেওঁৰ বন্ধুৰ ঘৰলৈ লৈ গৈছিল । য'ত দুয়োজনে যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে । অভিযোগ অনুসৰি দুই অভিযুক্তই যুৱতীগৰাকীক তিনিদিন ধৰি বন্দী কৰি ৰাখিছিল । মঙলবাৰে পুৱা ভুক্তভোগী যুৱতীগৰাকীয়ে এগৰাকী মহিলাৰ সহায়ত কিৰাৱলী আৰক্ষী থানাত উপস্থিত হয় আৰু সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে । আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।
আৰক্ষীক জনোৱা মতে ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ অসমৰ ধেমাজি জিলাত । তেওঁ ডাঙৰ ভনীয়েকক লগ কৰিবলৈ ৰাজস্থানলৈ গৈছিল । তিনিদিন পূৰ্বে তেওঁ ৰে'লযোগে দিল্লী ৰে'ল ষ্টেচনত উপস্থিত হৈছিল । তাৰ পৰা তেওঁ ককায়েকক লগ কৰিবলৈ কেৰালালৈ যাব লগা আছিল । যাৰ বাবে তেওঁ দিল্লীৰ পৰা আন এখন ৰে'লখনত উঠিব গৈছিল । কেৰালালৈ যাবলগীয়া ৰে'লখন বিলম্ব হৈছিল । যুৱতীগৰাকী ষ্টেচনতে বহি আছিল । সেই সময়তে পুনেৰ মনোজ গায়কৱাড় নামৰ লোকজন তাত উপস্থিত হৈছিল । দুয়োৰে মাজত কথোপকথন হৈছিল । যুৱতীগৰাকীয়ে আৰক্ষীক অৱগত কৰা মতে মনোজে তেওঁক কৈছিল যে তেৱোঁ কেৰালালৈ যাব । তাৰ পাছত দুয়ো ৰে'লত বহিল ।
কিৰাৱলীলৈ কেনেকৈ আহিল যুৱতীগৰাকী ?