অমৰাৱতী (অন্ধ্ৰপ্ৰদেশ) : দুখন বিলাসী বাহন, তাকো বি এম ডব্লিউ । এই কোটিটকীয়া বাহন দুখনৰ বাবে চকুৰ টোপনি হৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ বন বিভাগৰ । কিন্তু কি বিশেষত্ব আছে এই বি এম ডব্লিউ দুখনৰ ? কিহৰ বাবে ৰাজ্যখনৰ বন বিভাগৰ মাজত হাহাকাৰ লাগিছে ?
প্ৰকৃততে অন্ধ্ৰপ্ৰদেশত দুখন বি এম ডব্লিউ গাড়ী সন্ধানহীন হোৱাত এক প্ৰকাৰ তীব্ৰ চৰ্চা চলিছে । কাৰণ এই বিলাসী বাহন দুখন ৰাজ্যখনৰ ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ীসকলে ব্যৱহাৰ কৰিছিল । পিছত এই বনদস্যুক বশ কৰি বন বিভাগে গাড়ী দুখন হস্তগত কৰিছিল । কিন্তু এতিয়া এই দুখন বি এম ডব্লিউ বাহনৰ কোনো সন্ধান নাই । ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰা এই দুখন অতি মূল্যবান গাড়ী হঠাতে নাইকিয়া হোৱাত বন বিভাগত হৈ-চৈ লাগিছে ।
এই বিলাসী বাহন দুখনৰ এখন ২০১৭ চনৰ নৱেম্বৰত ৰাজ্যখনৰ বন বিভাগৰ তদানীন্তন প্ৰধান সচিবক আৱণ্টন কৰা হৈছিল । সেই সময়ত উক্ত পদবীত আছিল অনন্তৰামু নামৰ এগৰাকী বিষয়া । তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পিছত চৰকাৰৰ বৰ্তমানৰ মুখ্য সচিব নীৰৱ কুমাৰ প্ৰসাদে গাড়ীখনৰ দায়িত্ব গ্ৰহণ কৰিছিল । কিন্তু বৰ্তমান বাহনখন অন্তৰ্ধান হৈ পৰিছে ।
তেনেহ'লে গাড়ীখন ক'ত আছে ? কাৰ ওচৰত আছে এই বিলাসী বাহনখন ? এইখন গাড়ীয়েই প্ৰকৃত গাড়ীখন আছিলনে ? কিন্তু বন বিভাগৰ বিষয়াসকলে এতিয়া এই বিষয়ে একো নাজানে । বন বাহিনীৰ মুৰব্বীৰ কাৰ্যালয়ে (Chief of Forest Force, PCCF) বন বিভাগৰ বিশেষ মুখ্য সচিবলৈ এখন পত্ৰ লিখি সেই সময়ত আৱণ্টন কৰা বাহনখনৰ বিষয়ে জানিব বিচাৰিছে ।
আনহাতে, পুট্টুৰ বন আঞ্চলিকৰ ৰঙা চন্দন কাঠৰ চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰা TN-18-K2277 পঞ্জীয়ন নম্বৰৰ আন এখন নীলা ৰঙৰ বি এম ডব্লিউ বাহন ২০১৫ চনৰ ফেব্ৰুৱাৰীত তদানীন্তন বনমন্ত্ৰীয়ে সেই সময়ৰ অতিৰিক্ত ব্যক্তিগত সচিবক আৱণ্টন দিছিল । কিন্তু গুৰুত্বপূৰ্ণ কথা যে বন বিষয়াসকলৰ ওচৰত এতিয়া এই বাহনখন কি হ'ল সেই বিষয়েও কোনো আনুষ্ঠানিক তথ্য নাই ।