অসম

assam

ETV Bharat / bharat

৮১০ কেজি সোণসহ ৰাজপথত বাগৰি পৰিল ট্ৰাক - Truck with Gold Accident

Gold Carrying Truck Accident: এতোলা-দুতোলা নহয়, ৮১০ সোণ কঢ়িওৱা ট্ৰাক বাগৰি পৰিল ৰাষ্ট্ৰীয় ঘাইপথত ৷ সোণখিনিৰ দাম প্ৰায় ৬৬৬ কোটি টকা ৷

Gold Carrying Truck Accident
৮১০ কেজি সোণসহ ৰাজপথত বাগৰি পৰিল ট্ৰাক (ETV Bharat)

By ETV Bharat Assamese Team

Published : May 7, 2024, 10:14 PM IST

ইৰোড/চেন্নাই (তামিলনাডু), 7 মে’: তামিলনাডুত দুৰ্ঘটনাত পতিত হ’ল সোণ কঢ়িয়াই অনা এখন ট্ৰাক ৷ ৰাজ্যখনৰ কইম্বাটুৰৰ পৰা চেলেম সংযোগী পথত দুৰ্ঘটনাত পতিত হয় সোণৰ গহনা কঢ়িয়াই অনা ট্ৰাকখন । ঘটনা সংঘটিত হোৱাৰ পিচতে চিট্টোড আৰক্ষীয়ে নিজাকৈ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু সশস্ত্ৰ আৰক্ষীৰ জৰিয়তে অন্য এখন বাহনৰ জৰিয়তে সোণৰ গহনাখিনি চেলেমলৈ ঘূৰাই পঠিয়ায় ।

চিট্টোড আৰক্ষীয়ে দিয়া তথ্য অনুসৰি চেলেম-কইম্বাটুৰ ৰাষ্ট্ৰীয় ঘাইপথত কইম্বাটুৰৰ পৰা চেলেমলৈ গৈ আছিল ছিকুৱেল লজিষ্টিকছ নামৰ এখন ট্ৰাকখন । ট্ৰাকখনত সোণৰ অলংকাৰ আৰু সোণৰ টুকুৰাকে ধৰি অন্যান্য সোণৰ সামগ্ৰী ভৰ্তি কৰি বিভিন্ন ব্যক্তিগত গহনা বিপণিলৈ প্ৰেৰণ কৰা হৈছিল । উক্ত ট্ৰাকখনত আছিল শ শ কোটি টকাৰ সোণ আছিল । প্ৰায় ৮১০ কেজি ওজনৰ সোণ আছিল ট্ৰাকখনত । দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত থকা সোণখিনিৰ মূল্য প্ৰায় ৬৬৬ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে ।

ট্ৰাকখনৰ চালকৰ আসনত আছিল শশী কুমাৰ (২৯) ৷ তেওঁৰ লগতে ট্ৰাকখনত আছিল বন্দুকধাৰী নিৰাপত্তাৰক্ষী পাল ৰাজ (৪০) আৰু সহকাৰী নবীন (২১) । চেলেম অভিমুখে গৈ থকা সোণভৰ্তি বাহনখন ঘূৰোৱাৰ সময়তে বাগৰি পৰে ।

দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালক শশীকুমাৰ আৰু নিৰাপত্তাৰক্ষী পালৰাজ আহত হয় । দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে চিত্তোদ আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ চালক শশীকুমাৰ আৰু নিৰাপত্তাৰক্ষী পাল ৰাজক উদ্ধাৰ কৰি ভৱনী চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা চিকিৎসাৰ ব্যৱস্থা কৰে ।

ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰা বাহনখনত থকা সোণখিনি থানালৈ লৈ যোৱা হৈছে । পৰৱৰ্তী সময়ত কৰ বিষয়াই ট্ৰাকখন পৰিদৰ্শন কৰে । বিষয়াসকলে পৰীক্ষা কৰাৰ পিচত সোণৰ গহনাখিনি সশস্ত্ৰ আৰক্ষীৰ সহযোগত অন্য বাহনত চেলেমলৈ ঘূৰাই পঠিওৱা হয় ।

লগতে পঢ়ক:পিয়াঁজ ৰপ্তানিৰ নিষেধাজ্ঞা স্থগিত ভাৰতৰ, চুবুৰীয়া দেশত পৰিছে প্ৰভাৱ

ABOUT THE AUTHOR

...view details