ৱায়ানাড়(কেৰালা): এটা ভয়ংকৰ ঘটনা ৷ যি ঘটনাই কঁপাই গৈছে ৰাজ্যখন ৷ এটা পথ দুৰ্ঘটনা, কিন্তু অতি ভয়ংকৰ ৷ এখন চাৰিচকীয়া বাহনে সংঘটিত কৰা এই দুৰ্ঘটনাটোৰ খবৰে ইতিমধ্যে সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে ৷ ভাইৰেল হৈছে ফটো-ভিডিঅ’ ৷
এখন তীব্ৰবেগী বাহনে প্ৰায় 500 দূৰ চোঁচৰাই নিয়ে এজন জনজাতীয় লোকক ৷ গাড়ীখনৰ দুৱাৰত ফচি গৈছিল লোকজনৰ হাতৰ বুঢ়া আঙুলিটো ৷ এই ঘটনা সংঘটিত হৈছে কেৰালাৰ ৱায়নাড়ত ৷
আৰক্ষীয়ে জনোৱা মতে, চেম্মাদৰ মথন নামৰ জনজাতীয় লোকজনে এই দুৰ্ঘটনাৰ ফলত হাত-ভৰি আৰু কঁকালত বেয়াকৈ আঘাত পাইছে ৷ গাড়ীখনে চোঁচৰাই লৈ গৈছিল মথনক ৷ সন্দেহ কৰা মতে গাড়ীখন আছিল নদীবান্ধ চাবলৈ অহা কোনো পৰ্যটকৰ ৷ কুড়ালকাডাভু নামৰ ঠাইখনত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷ কানিয়াম্বাট্টাৰ এজন যুৱক হৰ্ষিতে কয় যে এই ঘটনাটো সংঘটিত কৰিছে তেওঁৰ কেইজনমান বন্ধুৱে ৷ তেওঁলোকে মথনক KL 52 H 8733 নম্বৰৰ বাহনখনেৰে চোঁচৰাই নিছিল ৷ গাড়ীখন কুট্টিপুৰমৰ মহম্মদ ৰিয়াজ নামৰ এজন লোকৰ নামত পঞ্জীয়নভুক্ত ৷ ইতিমধ্যে আৰক্ষীয়ে গাড়ীখন জব্দ কৰিছে ৷ গাড়ীখনত চাৰিজন লোক আছিল ৷ মনন্থাৱাড়ী আৰক্ষী চকীত ভাৰতীয় ন্যায় সংহিতাৰ 110 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷