ETV Bharat / state

গঁড়ৰ আক্ৰমণত আহত কৃষ্ণ: পবিতৰাৰ পৰা ওলাই অহা গঁড়টো গ'ল ক'লৈ ! - RHINO ATTACKED

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা এটা গঁড়ৰ আক্ৰমণত আহত ৫৫ বছৰীয়া এজন ব্যক্তি ।

Assam: 55-year-old sustains injuries after being attacked by rhino near Pobitor
মৰিগাঁৱৰ ঝাৰগাঁওত এশিঙীয়া গঁড়ৰ আক্ৰমণত আহত ৫৫ বছৰীয়া কৃষ্ণ (ANI)
author img

By ANI

Published : Dec 16, 2024, 8:55 PM IST

মৰিগাঁও : সোমবাৰে পুৱা মৰিগাঁও জিলাৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ ঝাৰগাঁও অঞ্চলত গঁড়ৰ আক্ৰমণত এজন ৫৫ বছৰীয়া ব্যক্তি আহত হয় । পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ এগৰাকী বিষয়াৰ মতে, বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই যোৱা এটা গঁড়ে সোমবাৰে পুৱা লোকজনক আক্ৰমণ কৰে ৷ এই বিষয়ে জানিব পৰা মতে, আহত যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ বন সংমণ্ডৰ বিষয়া প্ৰাঞ্জল বৰুৱাই সংবাদ সংস্থা ANI ক জনোৱা মতে, আজি পুৱা প্ৰায় ৬ বজাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা চাৰি কিলোমিটাৰ দূৰত্বত থকা ঝাৰগাঁও অঞ্চলত কৃষ্ণ দাস (৫৫) নামৰ এজন ব্যক্তিক গঁড়ে আক্ৰমণ কৰে ।

"পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য বন সংমণ্ডলৰ এটা দলে ততাতৈয়াকৈ আহত ব্যক্তিজনক ঝাৰগাঁও PHC লৈ নিয়ে । জানিব পৰা মতে, ব্যক্তিজন সোঁ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, যাৰ বাবে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ GMCH লৈ প্ৰেৰণ কৰা হৈছে ।’’ বন বিষয়াগৰাকীয়ে কয় ।

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ বন সংমণ্ডল বিষয়াগৰাকীয়ে আৰু কয় যে স্থানীয় লোকৰ সহায়ত উক্ত স্থানত বন বিভাগৰ আন এটা দলে টহল দি আছে ৷ লগতে কৃষ্ণ দাসক খুন্দিওৱা গঁড়টোৰ অৱস্থান নিৰ্ণয় কৰি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ নিৰাপদে ঘূৰাই আনিবলৈ চেষ্টা কৰি থকা হৈছে ৷

ইয়াৰ পূৰ্বে ৩০ ছেপ্টেম্বৰত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত গঁড়ৰ আক্ৰমণত এজন বাইক আৰোহীৰ মৃত্যু হৈছিল । নিহত ব্যক্তিজন কামৰূপ (মেট্ৰ’) জিলাৰ সোণাপুৰ কচুতলী অঞ্চলৰ বাসিন্দা ছাদ্দাম হুছেইন (৩৭) বুলি জানিব পৰা গৈছে । (ANI)

লগতে পঢ়ক : নবাবৰ ৰূপৰ জোতা; ক্ৰমাৎ বৰ্ধিত চাহিদাৰ মাজতে বিলুপ্তিৰ দিশত এটা ৰয়েল ক্ৰাফ্ট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.