লক্ষ্ণৌ : আপুনি বাৰু সোণ-ৰূপৰ জোতা দেখিছেনে ? কেতিয়াবা সেই সোণ বা ৰূপৰ জোতা-ছেণ্ডেল পিন্ধিবলৈ মন নাযায় নে ? যদিহে আপোনাৰো সোণ-ৰূপ বা তেনে কোনো ধাতুৰ জোতা-ছেণ্ডেল পিন্ধিবলৈ মন গৈছে তেনেহ’লে যাব লাগিব উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌলৈ ৷
উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত দিলবৰ হুছেইন নামৰ এগৰাকী ব্যৱসায়ীৰ তিনিটা প্ৰজন্মই ৰূপ, মুকুতাৰ লগতে বিভিন্ন ৰত্নৰে সজ্জিত জোতা, ছেণ্ডেল নিৰ্মাণ কৰি আহিছে ৷ নবাবৰ বংশধৰ নবাব মাছুদ আব্দুল্লাই কয় যে ১৯ শতিকাৰ শেষৰ ফালে হীৰা আৰু বিভিন্ন ৰত্নৰে সজ্জিত ৰূপৰ জোতা পিন্ধাৰ প্ৰথা আছিল ৷ ৰূপৰ জোতা পৰিধান কৰাটো নবাব আৰু সম্ভ্ৰান্ত লোকসকলৰ বাবে তেনেই সাধাৰণ কথা আছিল ।
নবাবসকলৰ দিনৰ পৰাই এই ৰূপৰ জোতা পিন্ধাৰ এক প্ৰথা চলি আহিছিল ৷ যাৰ বাবে বহু ব্যৱসায়ীয়ে এই কাম কৰিছিল ৷ আনকি এই পৰম্পৰাগত কাম নিয়োজিত কাৰিকৰসকলক নবাবসকলে বিশেষভাৱে লক্ষ্ণৌ চহৰত বসতি স্থাপন কৰি দিছিল । কিন্তু আধুনিকতাৰ ধামখূমীয়াত এইবোৰ প্ৰথা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিলে ৷
নবাবৰ বংশধৰ নবাব মাছুদ আব্দুল্লাই কয় যে নবাবসকলে শিল্পীসকলক যথেষ্ট উৎসাহিত কৰিছিল আৰু সেইবাবেই আজিও লক্ষ্ণৌৰ বহু কাৰিকৰে নিজৰ কাৰুকাৰ্য আৰু খোদিত শিল্পকৰ্মেৰে কেৱল দেশতে নহয় বিদেশতো লক্ষ্ণৌলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
তেওঁ আৰু কয়, ‘‘এতিয়া ইয়াৰ কাৰিকৰীক কাম লক্ষ্ণৌত কৰা হয় । সেয়ে আমি পুৰাতত্ত্ব বিভাগ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছো যে তেওঁলোকে এই ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰক ৷ লগতে মীনা বজাৰৰ দৰে এখন বজাৰ আয়োজন কৰক, য'ত লক্ষ্ণৌৰ সকলো ঐতিহ্যমণ্ডিত কাৰুকাৰ্য আৰু খোদিত সামগ্ৰী প্ৰদৰ্শন কৰা হয় ৷ যাতে ইয়াৰ ফলত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাই নহয়, ঐতিহ্যও প্ৰদৰ্শিত হ’ব ।’’
- ৰূপৰ জোতাৰ সবিশেষ :
ৰূপৰ জোতা তৈয়াৰ কৰা দিলবৰ হুছেইনে কয় যে তেওঁ এই কলা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে । তেওঁৰ পিতৃ আৰু ভাতৃ এই কামত বিশেষজ্ঞ আছিল । এই কাম তেওঁ সৰুৰে পৰাই শিকিছিল । জোতা বনোৱাৰ প্ৰক্ৰিয়াত ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম ।
জোতাৰ বাবে প্ৰতমতে ইয়াৰ ফ্ৰেম বা সজ্জাটো প্ৰস্তুত কৰা হয় । ইয়াৰ পিছত ৰূপৰ প্লেটখন গৰম কৰি আকাংক্ষিত ডিজাইনত মল্ড কৰা হয় । তাৰ পিছত ইয়াৰ ওপৰত হীৰা আৰু বিভিন্ন ৰত্ন ৰখা হয়, যাৰ বাবে জোতাৰ সৌন্দৰ্য বহুগুণে বৃদ্ধি পায় । ৰূপৰ জোতা আৰু ছেণ্ডেলৰ প্ৰাৰম্ভিক মূল্য ৫০০০ টকা ৷ অৱশ্যে গ্ৰাহকৰ ইচ্ছামতে জোতা আৰু ছেণ্ডেলৰ ডিজাইন কৰিও তৈয়াৰ কৰিব পাৰি ।
- উত্তৰাধিকাৰ হ্ৰাস, চাহিদা বৃদ্ধি :
দিলবৰ হুছেইনে কয় যে আজি লক্ষ্ণৌত কেৱল ৰূপৰ জোতা বনোৱা সম সংখ্যক শিল্পীহে বাকী আছে । নতুন প্ৰজন্মই এই কামৰ প্ৰতি বিশেষ আগ্ৰহ দিনা নাই ৷ কাৰণ ইয়াৰ বাবে বহুত কষ্টৰ প্ৰয়োজন হয় আৰু উপাৰ্জন কম । এই শিল্পকলা সংৰক্ষণৰ বাবে যদি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে এই ঐতিহ্য অতি সোনকালে নাইকিয়া হৈ যাব বুলি তেওঁ উল্লেখ কৰে ।
ৰূপৰ জোতা আৰু ছেণ্ডেল বিক্ৰী কৰা আজহাৰ হুছেইনে কয়, ‘‘আমি ৰূপৰ জোতা আৰু ছেণ্ডেল বনাওঁ আৰু আমাৰ দোকানতে বিক্ৰী কৰো । প্ৰথমে নবাবসকলে ইয়াক ব্যৱহাৰ কৰিছিল, তাৰ পিছত লাহে লাহে সাধাৰণ মানুহেও ইয়াক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল । বিশেষকৈ বিয়াত দৰা-কইনাৰ বাবে বিশেষ ৰূপৰ জোতা আৰু ছেণ্ডেল প্ৰস্তুত কৰা হয় ।’’
- চখ আৰু বিনিয়োগৰ অদ্ভূত সংমিশ্ৰণ :
যোৱা কেইবছৰ মানৰ পৰা ৰূপৰ জোতাৰ চাহিদা বৃদ্ধি পাইছে । মানুহে কেৱল চখৰ বাবেই নহয় বিনিয়োগ হিচাপেও এই ৰূপৰ জোতা কিনে । দিলবাৰে কয় যে ৰূপৰ জোতা পিন্ধিলে কেৱল ৰাজকীয় অনুভূতি দিয়াই নহয়, প্ৰয়োজনত বিক্ৰী কৰিও টকা উপাৰ্জন কৰিব পাৰি ৷