চেন্নাই:সচৰাচৰ ঘৰত থকা পঁইতাচোৰা, নিগনি, এন্দুৰ আদিৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয় । কিন্তু এই কীটনাশক দ্ৰব্য মানুহৰ বাবে কিমান ভয়ংকৰ হ'ব পাৰে আপুনি জানেনে ? চেন্নাইৰ এক ঘটনাই আপোনাকো শংকিত কৰি তুলিব !
এন্দুৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ কীটনাশক দ্ৰব্য ছটিয়াই বিপদত এটা পৰিয়াল । পৰিয়ালটোৱে অকালতে হেৰুৱালে দুটাকৈ সন্তান । কুন্দ্ৰাথুৰ আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো । শুকুৰবাৰে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে কীট নিয়ন্ত্ৰণ কোম্পানীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে । কিয়নো উক্ত প্ৰতিষ্ঠানটোৱে ছটিওৱা কীটনাশক ধোঁৱাৰ সংস্পৰ্শলৈ অহাৰ পিছতে ১ আৰু ৬ বছৰীয়া দুটি শিশুৱে মৃত্যুক আঁকোৱালি লয় । আৰক্ষীয়ে শিশুকেইটাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী ক্ৰোমপেট চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । মৃত শিশুকেইটা ক্ৰমে বৈষ্ণৱী আৰু সাই সুদৰ্শন বুলি জানিব পৰা গৈছে ।
ইফালে কীটনাশকৰ সংস্পৰ্শলৈ অহাৰ পিছত শিশুকেইটাৰ পিতৃ-মাতৃ ক্ৰমে গিৰিথৰণ আৰু পবিত্ৰা গুৰুতৰভাৱে অসুস্থ হৈ পৰে । বুধবাৰে নিশা সংকটজনক অৱস্থাত তেওঁলোকক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । গ্ৰেপ্তাৰ হোৱা কীট নিয়ন্ত্ৰণ এজেণ্টজনক দীনাকৰণ বুলি জানিব পৰা গৈছে । তেওঁ কোঠাটোত কীটনাশক স্প্ৰে কৰিছিল ।
কেনেকৈ সংঘটিত হ'ল ঘটনাটো ?
জানিব পৰা মতে কুন্দ্ৰাথুৰত পৰিয়ালটোৰ বাসগৃহত এন্দুৰৰ উপদ্ৰৱ আছিল । যাৰ বাবে ইতিমধ্যে বহু ক্ষতিৰ সন্মুখীন হৈছিল পৰিয়ালটো । এই সমস্যা সমাধান কৰিবলৈ তেওঁলোকে এটা ব্যক্তিগত কীট নিয়ন্ত্ৰণ কোম্পানীৰ সৈতে যোগাযোগ কৰিছিল । তাৰ পিছতে কোম্পানীটোৰ এজেণ্ট দীনাকৰণ ঘৰত উপস্থিত হৈ এন্দুৰ খেদিবলৈ কীটনাশক দ্ৰব্য স্প্ৰে কৰিছিল ।