নেশ্যনেল ডেস্ক, 14 মে’ :ৰাজস্থানৰ জয়পুৰত এক আচৰিত ঘটনা পোহৰলৈ আহিছে ৷বিবাহৰ প্ৰথম বাৰ্ষিকীত স্বামীক বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ আগবঢ়ালে পত্নীয়ে ৷ পত্নীৰ প্ৰস্তাৱ শুনাৰ পিচতেই স্বামীয়ে হতবাক হৈ পৰে ৷
জানিব পৰা অনুসৰি, পত্নীয়ে ইউ পি এছ চি পৰীক্ষাত বিবাহ বিচ্ছেদৰ কোটাৰ সুবিধা ল'বলৈ স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত স্বামীয়ে জয়পুৰৰ কাৰ্ধনী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে ।
স্বামীয়ে অভিযোগ কৰে যে যদি স্বামীয়ে বিবাহ বিচ্ছেদ কৰিবলৈ অস্বীকাৰ কৰে, পত্নীয়ে তেওঁক ভুৱা গোচৰত ফচোৱাৰ ভাবুকি দিয়ে । ইয়াৰ সমান্তৰালকৈ পত্নীয়ে প্ৰতাপগড়ত স্বামীৰ বিৰুদ্ধে যৌতুক নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছে ।
কাৰ্ধনী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক আশীষ কুমাৰে জনোৱা অনুসৰি, কালৱাৰ ৰোডৰ বাসিন্দা যুৱকজনে যোৱা 11মে'ত এক প্ৰতিবেদন দাখিল কৰিছে । এবছৰ পূৰ্বে তেওঁলোকে হিন্দু ৰীতি-নীতি অনুসৰি বিবাহ পাশত আৱদ্ধ হৈছিল । তেওঁৰ পত্নীয়ে ইউপিএছচিত বিবাহ বিচ্ছেদৰ কোটা লাভ কৰিবলৈ বিবাহ বিচ্ছেদ বিচাৰে ।
স্বামীৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি, তেওঁ ফটোগ্ৰাফাৰ হিচাপে কৰ্মৰত । 2013 বৰ্ষত তেওঁ কৰ্মসূত্ৰে প্ৰতাপগড়লৈ যাওঁতে পত্নীক প্ৰথমবাৰৰ বাবে লগ পাইছিল ৷ 2016 চনত তেওঁৰ পত্নী পঢ়িবলৈ জয়পুৰলৈ আহিছিল । তেতিয়া তেওঁৰ পত্নীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছিল ।
তেতিয়াৰপৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কৰ গঢ় লৈ উঠিছিল । পৰৱৰ্তী সময়ত 2021 চনত, তেওঁলোক বাগদান অনুষ্ঠান সম্পন্ন হৈছিল । ছেপ্টেম্বৰ 2022 ত, অভিযোগকাৰীৰ পত্নীয়ে চৰকাৰী চাকৰি লাভ কৰে । চাকৰি পোৱাৰ পিচতেই, পত্নীয়ে কৈছিল যে তেওঁ ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ বিচাৰে ৷ যদি তেওঁক স্বামীয়ে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অনুমতি দিয়ে তেতিয়াহে তেওঁ বিবাহপাশত আৱদ্ধ হ’ব ৷