নেশ্যনেল ডেস্ক, 22 জুলাই:সোমবাৰে আৰম্ভ হয় সদনৰ বৰ্ষাকালীন অধিৱেশন ৷ এই অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সদনত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ মোদীয়ে ভাষণযোগে সকলো দলকে ‘দলীয় ৰাজনীতি’ক একাষৰীয়া কৰি আগন্তুক চাৰে চাৰি বছৰৰ ভিতৰত দেশৰ উন্নয়নক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় ।
ৰাজনৈতিক সংঘাত এৰাই চলাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়া নিৰ্বাচনত জনসাধাৰণৰ সিদ্বান্তই বিভাজনকাৰী দলীয় কৌশলৰ অন্ত পৰাৰ সংকেত দিছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মই সকলো দলকে ক'ব বিচাৰো যে আগন্তুক চাৰে চাৰি বছৰৰ বাবে আমি দলীয় ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগে । 2029 অৰ্থাৎ নিৰ্বাচনী বছৰ আহিলে আপুনি পুনৰ দলীয় ৰাজনীতি কৰিব ৷ কিন্তু তেতিয়ালৈকে কেৱল দেশখনৰ উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়ক।"
মোদীয়ে কয় যে 2014 চনৰ পৰা বহু সাংসদে নিজ নিজ সমষ্টিৰ প্ৰকৃত সমস্যাবোৰ উত্থাপন কৰিব পৰা নাই কাৰণ কিছুমান দলে “নেতিবাচক ৰাজনীতি”ত লিপ্ত হৈছে । কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ মোদীয়ে কয়, "এই দলসমূহে সংসদৰ বহুমূলীয়া সময়ৰ অপব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক ব্যৰ্থতা লুকুৱাই আহিছে ।"