নেশ্যনেল ডেস্ক, 16 জুলাই :চৌপাশে উন্মাদনা...বাজিছে ঢোলা-তাল, নাচিছে সকলোৱে ৷ কাৰো মুখত নাই তিলমানো ভাগৰ ৷ কিয়নো আজি বন্ধুৰ বিয়া ৷ সকলো ঠিকেই আছিল ৷ কিন্তু বিয়াৰ পৰা উভতি অহাৰত পথত ৰৈ আছিল কাল ৷ মুহূৰ্ততে সকলো শেষ হৈ গ’ল ৷
দুৰ্ঘটনাত পতিত হ’ল বিয়া খাই ঘূৰি অহা অতিথিৰ বাহন, ফলত ৰাজপথৰ ওপৰতে উফৰি পৰিল বাহনখনত থকা যাত্ৰী ৷ চাৰিওফালে কেৱল পৰি ৰৈছে তেজৰ চেকুৰা ৷ কাৰো মুখত মাত নাই ৷ কোনে কাক দিব সান্তনা ?
জানিব পৰা মতে, দেওবাৰে পুৱতি নিশা গ্ৰেটাৰ নয়ডাত কোনো কাৰণবশতঃ এক ব’লেৰ’ পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে ৷ তেনেতে পিকআপ ভানখনত পিছে পিছে আহি থকা আন এখন যাত্ৰীবাহী বাহনে খুন্দা মাৰে ৷ এই সংঘৰ্ষত মুঠ 12 জন লোক গুৰুতৰভাৱে আহত হয় ৷
এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰায় ৷ অৱশ্যে চিকিৎসাৰ সময়তে তিনিজন লোকৰ মৃত্যু হয় ৷ মৃত তিনিও লোক অসমৰ বুলি তথ্য লাভ কৰা হৈছে ৷ মৃত তিনিও যুৱকৰ নাম ক্ৰমে- আব্দুল ৰফীক (35), মফিদুল (32) আৰু চুলতান ৷ জানিব পৰা মতে, আহত আন 9 জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে ।